--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

লণ্ডনঃ বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰনেতা বৃটেইনৰ প্ৰধানমন্ত্ৰীৰ ওচৰ চপাতো বৰ সহজ কথা নহয়। কিন্তু শেহতীয়াকৈ তেওঁৰ ব্যক্তিগত তথ্য ৰাজহুৱা হৈ পৰাৰ এটা ঘটনা পোহৰলৈ আহিছে। শেহতীয়াকৈ পোহৰলৈ অহা মতে, অনলাইনত কোনোবাই প্ৰকাশ কৰি দিছিল ব্ৰিটেইন প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত ফোন নম্বৰ! কেৱল এদিন নহয়, বিগত ১৫বছৰ ধৰি অনলাইনত তেওঁৰ ফোন নম্বৰ মুকলিকৈ প্ৰকাশ হৈ আছিল।

আৰু পঢ়িব পাৰিব :   ডকাইতি কাণ্ডৰ সৈতে জড়িত ১২ জনক গ্ৰেপ্তাৰ কৰিমগঞ্জ আৰক্ষীৰ


বিশেষ সূত্ৰৰ সংবাদ অনুসৰি-অনলাইন যোগে প্ৰকাশিত ফোন নম্বৰটো ২০০৬চনৰ পৰা বিগত সপ্তাহলৈকে ব্যৱহাৰ কৰি আছিল তেওঁ। কিন্তু শুকুৰবাৰৰপৰা যোগাযোগ স্থাপনৰ চেষ্টা কৰিও সংযোগ স্থাপনত ব্যৰ্থ যোগাযোগকাৰী। তথ্য অনুসৰি, যোৱা বছৰ এই ফোন নম্বৰৰ যোগেদিয়ে প্ৰধানমন্ত্ৰীয়ে ডাউনিং ষ্ট্ৰীটৰ অট্টালিকাটো সুন্দৰকৈ সাজি উলিয়াবৰ বাবে ছৌদিৰ ৰাজপুত্ৰ মহম্মদ বিন ছলমন তথা উদ্যোগপতি জেমছ ডাইচেনৰ সৈতে বাৰ্তালাপ কৰিছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে।

আৰু পঢ়িব পাৰিব :   হোজাইত কামনাৰ বলি যুৱতীঃ গোচৰ ৰুজু


ইংলেণ্ডৰ প্ৰাক্তন সুৰক্ষা উপদেষ্টা পিটাৰ ৰিকেটে আন্তৰ্জাতিক সংবাদমাধ্যমত দিয়া এটি সাক্ষাৎকাৰত সদৰি কৰে যে,বিট্ৰিছ প্ৰধানমন্ত্ৰীৰ ফোন নম্বৰটো অনায়াসে অপৰাধী,গেংষ্টাৰসকলৰ হাতলৈ যোৱাৰ আশংকা সৃষ্টি হৈছিল। চলিত সপ্তাহত ব্ৰিটেইন সাংসদে উদ্বেগ প্ৰকাশ কৰিছে জনছনৰ বিৰোধী দলৰ সাংসদ ৰচেল হপকিঙে। বৃটেইনৰ প্ৰধানমন্ত্ৰীৰ নম্বৰ এনেদৰে মুকলিকৈ প্ৰকাশ হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় সুৰক্ষা বিঘ্নিত হ'ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে তেওঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?