ডিজিটেল ডেস্কঃ কণীত থাকে ভিটামিন ডি। ভিটামিন ডিক ‘ছানশ্বাইন ভিটামিন’ বুলিও কোৱা হয়। আমি সকলোৱে জনা মতে বেছিভাগ ভিটামিন ডি সূৰ্যৰ পোহৰৰ পৰা পোৱা যায়। ইয়াৰ উপৰিও কণীতো প্ৰচুৰ পৰিমাণে ভিটামিন ডি থাকিব পাৰে। যিসকলে পঢ়া-শুনা বা কামৰ বাবে ঘৰৰ পৰা আঁতৰত বেছিভাগ সময় কটায়, তেওঁলোকৰ বাবে কণী ভিটামিন ডিৰ এক উত্তম উৎস হ’ব পাৰে।
মূলতঃ কণীৰ কুহুমত ভিটামিন ডি স্বাভাৱিকতে লুকাই থাকে। এটা স্বাভাৱিক আকাৰৰ কণীত প্ৰায় ১০ৰ পৰা ২০ আই ইউ (আন্তঃৰাষ্ট্ৰীয় একক) ভিটামিন ডি থাকিব পাৰে। কিন্তু পুষ্টিবিদসকলৰ মতে এজন প্ৰাপ্তবয়স্ক ব্যক্তিক প্ৰতিদিনে প্ৰায় ৬০০-৮০০ আই ইউ ভিটামিন ডিৰ প্ৰয়োজন হয়।
ভিটামিন ডিৰ উপৰিও কণী আন পুষ্টিকৰ উপাদানৰ ভঁৰাল। যিদৰে প্ৰটিন, সকলো প্ৰয়োজনীয় এমিনো এচিডৰ লগতে অন্যান্য খনিজ পদাৰ্থও সমৃদ্ধ।
ভিটামিন বি ১২: শৰীৰৰ ৰক্তকণিকা বৃদ্ধি কৰাত সহায় কৰে আৰু স্নায়ু সুস্থ কৰি ৰাখে।
ভিটামিন এঃ চকু আৰু ছাল সুস্থ কৰি ৰখাত সহায় কৰে।
কোলিন: যকৃতৰ কাৰ্য্যক্ষমতা আৰু মগজুৰ বিকাশ উন্নত কৰাত সহায় কৰে।
প্ৰটিন হিচাপে স্বাস্থ্যকৰ চৰ্বি আৰু অন্যান্য প্ৰয়োজনীয় উপাদান কণীত থাকে। সহজে শৰীৰৰ সুস্বাস্থ্য বজাই ৰখাত সহায় কৰে।