--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ভিতৰত সপ্তাহত সর্বাধিক সময় কাম কৰে গুজৰাটৰ লোকসকলে। আনহাতে গোৱাৰ লোকসকলে কম সময় কাম কৰিলেও আর্থিকভাৱে যথেষ্ট আগত আছে। গোৱাৰ লোকসকলে 'স্মার্ট ৱৰ্ক' নীতি মানি চলে। ৰাজ্যখনৰ লোকসকলে কম সময়ত অধিক কাম কৰে আৰু বাকী সময়ছোৱা নিজৰ জীৱন উপভোগ কৰে।

গোৱাৰ লোকসকলে ইয়াকে প্ৰমাণ কৰি দেখুৱাইছে যে অধিক কাম কৰাটোৱেই যথেষ্ট নহয়, বৰং স্মার্ট উপায়েৰে কাম কৰাটোহে উত্তম। প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদে প্রকাশ কৰা এখন প্রতিবেদনৰ পৰা এই কথা জানিব পৰা গৈছে। সপ্তাহত আটাইতকৈ বেছি কাম কৰা ৰাজ্যৰ তালিকাত গুজৰাটে প্রথম স্থান লাভ কৰাৰ বিপৰীতে বিহাৰে তলৰ ফালৰ পৰা প্ৰথম আৰু অসমে তলৰ ফালৰ পৰা দ্বিতীয় স্থান লাভ কৰিছে। বিহাৰৰ মাত্র ১% লোকেহে সপ্তাহত ৭০ ঘণ্টাতকৈ অধিক কাম কৰে। অসমৰ ১.৬%, ঝাৰখণ্ডৰ ২.১% লোকেহে সপ্তাহত ৭০ ঘণ্টাতকৈ অধিক কাম কৰে বুলি প্রতিবেদনখনৰ পৰা জানিব পৰা গৈছে। 

চৰকাৰী অধ্যয়নটোৰ পৰা লাভ কৰা তথ্য অনুসৰি গড় হিচাপত প্রতিজন ভাৰতীয়ই সপ্তাহত ৪২.২ ঘণ্টা কাম কৰে। সপ্তাহত ৭০ ঘণ্টাতকৈ অধিক কাম কৰা লোকৰ ক্ষেত্ৰত উত্তৰ ভাৰতৰ লোকসকল যথেষ্ট পাছ পৰি আছে। দিল্লীৰ লোকসকলে প্রতি দিনে কমেও ৮.৩ ঘণ্টা কাম কৰে। গোৱাৰ লোকসকলে গড় হিচাপত দৈনিক ৫.৫ ঘণ্টা কাম কৰে। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লোকসকলে গড় হিচাপত প্রতিদিনে ৬ ঘণ্টা কাম কৰে। উল্লেখযোগ্য যে সপ্তাহত ৭০ ঘণ্টা বা তাতকৈ অধিক কাম কৰাৰ অৰ্থ হ'ল ছদিনত গড় হিচাপত প্রতিদিনে ১১ ঘণ্টাতকৈ অধিক কাম কৰা। আনহাতে ৭০ ঘণ্টাতকৈ অধিক কাম কৰা সৰ্বাধিক সাত শতাংশ লোক আছে গুজৰাটত। পঞ্জাবৰ লোকসকলেও সপ্তাহত ৭০ ঘণ্টা পর্যন্ত কাম কৰে। 

ৰাজ্যখনৰ সাত শতাংশ লোকে ৭০ ঘণ্টাতকৈ অধিক কাম কৰে। আনহাতে মহাৰাষ্ট্ৰৰ ৬.৬%, পশ্চিম বংগৰ ৬.২% আৰু কেৰালাৰ ৬.১% লোকে এসপ্তাহত ৭০ ঘণ্টাতকৈ অধিক সময় কাম কৰে। ইফালে দেশৰ গড় অনুসৰি নগৰাঞ্চলত বাস কৰা লোকসকলে প্রতিদিনে ৭.৮ ঘণ্টা আৰু গ্রামাঞ্চলৰ লোকসকলে প্রতিদিনে ৬.৭ ঘণ্টা কাম কৰে। উত্তৰাখণ্ড, পঞ্জাব আৰু ঝাৰখণ্ডৰ গ্রামাঞ্চলৰ লোকসকলে আটাইতকৈ বেছি সময় কাম কৰে। অসম, নগালেণ্ড আৰু গোৱাৰ লোকসকলে আটাইতকৈ কম কাম কৰে।

উৎস- দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?