--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সোমবাৰে লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত ২০২৫ বৰ্ষৰ একাডেমি এৱাৰ্ড বা অস্কাৰ বঁটা প্রদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়। প্ৰথমবাৰৰ বাবে অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান জিঅ' হটষ্টাৰত সোমবাৰে পুৱা ৫-৩০ বজাৰ পৰা লাইভ দেখুওৱা হয়। 

অস্কাৰ প্ৰতিযোগিতাত ভাৰতৰ একমাত্র আশা, প্রিয়ংকা চোপ্রা কার্যবাহী প্রযোজক ৰূপে থকা 'অনুজা' নামৰ চুটি চলচ্চিত্ৰখনে ভাৰতীয় জনতাক নিৰাশ কৰিলে। 'বেষ্ট লাইভ একশ্যন শ্বর্ট ফিল্ম' শাখাত 'অনুজা'ক পিছ পেলাই ওলণ্ডাজ ছবি 'আই এম নট এ ৰবট'-এ বঁটা লাভ কৰে। 

৯৭সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত ২৩ শাখাত বঁটা প্ৰদান কৰা হয়। হষ্ট (অনুষ্ঠান পৰিচালক) হিচাপে প্রথম অনুষ্ঠান কৰা কৌতুক শিল্পী কনান অ'ব্রায়েনে বঁটা প্রদান অনুষ্ঠানত আৰম্ভণিতেই ভাৰতীয় দর্শকক প্রথমতে হিন্দীতে সম্বোধন কৰে। তেওঁ কয়, 'যিসকলে ভাৰতৰ পৰা অনুষ্ঠান চাই আছে মই ক'বলৈ বিচাৰোঁ- ভাৰত কে লোগো কো নমস্কাৰ। ৱহা সুবহ হো চুকী হেঁ, তো মুঝে উম্মীদ হে কী নাস্তে কে সাথ অস্কাৰ কৰ ৰহে হেঁ। (ভাৰতবাসীক নমস্কাৰ। তাত ৰাতিপুৱাইছে, সেয়ে মই ভাবোঁ যে পুৱাৰ জলপানৰ সৈতে আপোনালোকে অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান চাই আছে।) 

৯৭সংখ্যক অস্কাৰ বঁটাৰ বাবে শ্ৰেষ্ঠ চলচ্চিত্র, শ্রেষ্ঠ পৰিচালককে ধৰি ১৩টা বিষয়ত 'এমিলিয়া পেৰেজ' মনোনয়নত শীর্ষত আছিল যদিও পৰিচালক চীন বেকাৰৰ ৰোমাণ্টিক কমেডী ড্রামা 'অনুৰা'ই অনুষ্ঠানত সর্বাধিক বঁটা লাভ কৰে। 'অনুৰা'ই লাভ কৰে শ্ৰেষ্ঠ চলচ্চিত্র, শ্রেষ্ঠ অভিনেত্রী (মিকী মেডিছন), শ্রেষ্ঠ পৰিচালক (ছীন বেকাৰ), শ্ৰেষ্ঠ সম্পাদনা আৰু শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্যৰ বঁটা লাভ কৰে। 


ইফালে ব্রেডি কৰবেটৰ 'দ্য ব্ৰুটেলিষ্ট'ত কৰা অভিনয়ৰ বাবে শ্রেষ্ঠ অভিনেতাৰ বঁটা দিয়া হয় এড্রিয়েন ব্ৰ'ডিক। অনুষ্ঠানত বঁটা লাভ কৰা আনসকল হ'ল- শ্রেষ্ঠ সহ-অভিনেত্রী: জ' ছালডানা (এমিলিয়া পেৰেজ), শ্রেষ্ঠ সহ-অভিনেতা: কিয়েৰেন কালকিন, শ্রেষ্ঠ মৌলিক সংগীত : দ্য ব্রুটেলিষ্ট (এ ২৪), শ্রেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র: আই এম ষ্টিল হিয়েৰ (ব্রাজিল), শ্রেষ্ঠ চিনেমাট'গ্রাফি: দ্য ব্রুটেলিষ্ট (লল ক্ৰ'ৱলী), শ্রেষ্ঠ ভিজুৱেল এফেক্ট: ডিউন-পার্ট টু (পল লেম্বার্ট, ষ্টিফেন জে'মছ, ৰাইজ ছেলকাম্ব আৰু গার্ড নেফজাৰ), শ্ৰেষ্ঠ শব্দ: ডিউন-পার্ট টু (গেৰেথ জন, ৰিচাৰ্ড কিং, ৰন বার্টলেট আৰু ডাউগ হেমফিল), শ্রেষ্ঠ তথ্যচিত্রীয় কাহিনী চিত্ৰ: ন' আদাৰ লেণ্ড, শ্রেষ্ঠ তথ্যচিত্রীয় চুটি ছবি: দ্য অনলি গার্ল ইন দ্য অর্কেষ্টা, শ্রেষ্ঠ মৌলিক গীতঃ এল মেল (এমিলিয়া পেৰেজ), শ্রেষ্ঠ চিত্রনাট্য (অভিযোজনা): কনক্লেভ (পিটাৰ ষ্ট্ৰঘোন), শ্রেষ্ঠ এনিমেটেড কাহিনী ছবিঃ ফ্ল', শ্রেষ্ঠ এনিমেটেড চুটি ছবিঃ ইন দ্য শ্বেড' অব দ্য চাইপ্রেছ, শ্রেষ্ঠ সাজসজ্জা: উইকেড,
 শ্রেষ্ঠৰূপসজ্জা আৰু কেশসজ্জা : দ্য ছাবষ্টেন্স।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?