--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ড্ৰাগছৰ গোচৰত ইজনৰ পাছত সিজন বলীউডৰ তাৰকা নাৰ্ক’টিক্স কণ্ট্ৰ’ল ব্যুৰোৰ জালত পৰাৰ পাছত এইবাৰ এটা বৃহৎ অঘটন ঘটিছে। এইবাৰ ড্ৰাগছ কাণ্ডৰে সাঙোৰ খাইছে বলীউডৰ বাদশ্বাহ শ্বাহৰুখৰ পুত্ৰৰ নাম। শ্বাহৰুখ খানৰ পু্ত্ৰ আৰয়ান খানক আটক কৰিছে এনচিবি-এ৷ কৰ্ডেলিয়া নামৰ ক্ৰুজখনত চলি থকা এটা পাৰ্টীৰ পৰা অন্য ১০জন লোকৰ সৈতে শ্বাহৰুখৰ পুত্ৰক আটক কৰিছে এনচিবিয়ে৷

মায়ানগৰী মুম্বাইত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি থকাৰ ঘটনা প্ৰায়ে পোহৰলৈ আহে৷ ড্ৰাগছৰ কেছত সময়ে সময়ে বলীউড তাৰকাৰ নামো জড়িত হৈ পৰিছে। এইবাৰ পুনৰ ড্ৰাগছ পাৰ্টীৰ বিৰুদ্ধে নাৰ্ক’টিক্স কন্ট্ৰ’ল ব্যুৰ’(NCB)য়ে চলালে তালাচী। এই ড্ৰাগছ পাৰ্টী চলি আছিল মু্ম্বাইৰ পৰা গোৱা অভিমুখে যোৱা কৰ্ডেলিয়া নামৰ ক্ৰুজ অৰ্থাৎ বিলাসী জাহাজখনত। ড্ৰাগছ পাৰ্টীটোত বলীউডৰ কেইবাগৰাকী তাৰকা উপস্থিত আছিল৷ সেই জাহাজতেই এনচিবিয়ে ৭ ঘণ্টা ধৰি চলালে অভিযান।

আৰয়ানে জনোৱা অনুসৰি ড্ৰাগছৰ সৈতে তেওঁৰ কোনো ধৰণৰ লেনদেন নাই। নিমন্ত্ৰণ ৰক্ষা কৰিবলৈহে গৈছিল সেই পাৰ্টীলৈ। উল্লেখ্য যে সেই ড্ৰাগছৰ পাৰ্টীত এনচিবিৰ অভিযানত ৪ প্ৰকাৰৰ ড্ৰাগছ জব্দ কৰা বুলি তথ্য লাভ কৰা হৈছে। আৰয়ান খানক এতিয়াও জেৰা কৰি আছে এনচিবিয়ে। সেয়েহে আনুষ্ঠানিকভাবে কোনো কথা ঘোষণা কৰা নাই সংস্থাটোৱে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?