--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লীঃ নদন-বদন পৰিৱেশে বিৰাজ কৰিছে শ্বাহৰুখৰ মন্নতত। শ্বাহৰূখৰ মুখমণ্ডলত দেখিবলৈ পোৱা গৈছে আনন্দৰ স্পষ্ট ৰেখ। পুত্ৰক কাষত পাই আহ্লাদিত শ্বাহৰূখ-গৌৰী। ইফালে পুত্ৰই ঘৰলৈ ওভতাৰ পাছতে ৫৬ বছৰীয়া হৈ পৰিল বলিউড বাদশ্বাহ শ্বাহৰূখ খান। বহুতো অনুৰাগীয়ে প্ৰিয় তাৰকাগৰাকীক জন্মদিনৰ শুভেচ্ছা জনাবলৈ ‘মন্নত’ৰ সন্মুখত ভিৰ কৰিছিল। কিন্তু লগ পোৱা নাছিল শ্বাহৰূখক। কাৰণ, সেই সময়ত মন্নত এৰি আলিবাগৰ ভিলাত আছিল বলীউড বাদশ্বাহ। কেৱল সাধাৰণ মানুহেই নহয়, কেইবাজনো বলীউড তাৰকাই ইনষ্টাগ্ৰাম আৰু টুইটাৰত কিং খানক জন্মদিনৰ শুভেচ্ছা জনাইছিল। আলিয়া ভট্ট, মালাইকা অৰোৰা, আয়ুষ্মান খুৰানা, ছলমান খানৰ দৰে তাৰকা অভিনেতাৰ শুভেচ্ছা বাণীৰে ভৰি পৰিছিল বাদশ্বাহৰ একাউণ্ট।

কিন্তু শ্বাহৰুখৰ দীৰ্ঘদিনীয়া ৰূপালী পৰ্দাৰ প্ৰেমিকা কাজলৰ নাম নাই সেই তালিকাত। কিন্তু কিয়? অনুৰাগীসকলৰ মনতো একেটা প্ৰশ্নই কৌতুহল সৃষ্টি কৰা পৰিলক্ষিত হৈছিল। কাজলে ইনষ্টাগ্ৰামত অনুৰাগীসকলৰ সৈতে প্ৰশ্ন-উত্তৰৰ এটা খেল খেলি আছিল। খেলৰ নিয়ম অনুসৰি প্ৰশ্নকৰ্তাই যিমান বিচাৰে সিমান প্ৰশ্ন সুধিব পাৰে আৰু সেইমতে উত্তৰ দি যাৱ কাজলে। খেলচলাকালীন সময়তে কাজললৈ এজন অনুৰাগীৰ পোনপটীয়া প্ৰশ্ন, ‘আপুনি শ্বাহৰুখ খানক জন্মদিনৰ শুভেচ্ছা কিয় নিদিলে?’

অনুৰাগীজনক হতাশ কৰা নাছিল তাৰকা অভিনেত্ৰীগৰাকীয়ে। শ্বাহৰূখৰ সাম্প্ৰতিক পৰিস্থিতিৰ কথা উল্লেখ কৰি কাজলে কয়, ‘মই শ্বাহৰূখক পৃথকে কি শুভকামনা দিওঁ? শ্বাহৰূখৰ সমষ্ট ইচ্ছা তেওঁৰ পুত্ৰ ঘৰলৈ উভতি অহাৰ দিনাই পূৰণ হৈছে।’ স্মৰ্তব্য যে, ড্ৰাগছৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল শ্বাহৰূখ পুত্ৰক। জামিনৰ আবেদন দুবাৰকৈ নাকচ হোৱাৰ পাছত তেওঁৰ পুত্ৰৰ জামিনৰ বাবে বোম্বাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল শ্বাহৰূখে। আদালতৰ সেই ৰায়ৰ পাছত আৰিয়ানক ঘৰলৈ উভতি যাবলৈ অনুমতি দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?