--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীঘল দাড়িৰ বাবেই এখন সংসাৰ ভাগিল। স্বামীৰ দীঘল দাড়ি একেবাৰে পচন্দ নহয় পত্নীৰ, তেওঁ বাৰে বাৰে স্বামীক দাড়ি কাটিবলৈ কয় কিন্তু পত্নীৰ কথাত অকণো কাণষাৰ নিদিয়ে স্বামীয়ে, ফলত ঘটিল অথন্তৰ। মাত্ৰ ৭মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল দুয়ো। স্বামীৰ নাম ছাকিৰ আৰু পত্নীৰ নাম আৰ্শী। 

স্বামীৰ ওপৰত নাৰাজ হৈ পত্নীয়ে দেওৰেকৰ সৈতে পলায়ন কৰে। ক্লীন ছেভ দেওৰেকৰ ৰূপে মোহিত কৰিছিল আৰ্শীক। নতুনকৈ সংসাৰ গঢ়াৰ সপোন দেখি তেওঁ দেওৰেকৰ সৈতে পলাই যোৱাৰ সিদ্ধান্ত লয়। 

উত্তৰ প্ৰদেশৰ মেৰুটত ঘটিছে এই ঘটনা। মুছলমান স্বামীৰ দাড়িৰ বাবেই দেওৰেকৰ সৈতে পলায়ন কৰা পত্নীৰ ঘটনাই শিৰোনাম দখল কৰিছে। বিয়াৰ মাত্ৰ ৭ মাহ পিছতে মহিলাগৰাকীয়ে পৰিষ্কাৰকৈ চুলি-দাড়ি কটা দেওৰেকৰ সৈতে পলায়ন কৰে। পিছত পৰিয়াল আৰু আৰক্ষীৰ নিৰ্দেশত দুয়ো নিজৰ স্থানলৈ ঘূৰি আহিবলৈ বাধ্য হয়।

থানাত পত্নীয়ে স্বামীক নপুংসক বুলি অভিযোগ কৰি তেওঁৰ লগত থাকিবলৈ অস্বীকাৰ কৰে। স্বামীয়েও স্পষ্টকৈ কয় যে তেওঁ দাড়িৰ বাবে এগৰাকী নালাগে ১০ গৰাকী পত্নীকো কোৰবান দিবলৈ সাজু।

স্বামী ছাকিৰে অভিযোগ কৰি কয় যে তেওঁৰ পত্নীয়ে তেওঁক দাড়ি কাটিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। তেওঁ নাকচ কৰাত সেয়ে তাই ঘৰৰ পৰা পলাই গ’ল। ছাকিৰে কয় যে আৰ্শী নামাজ, বোৰ্খা আৰু ধৰ্মীয় বিষয়ৰ বিৰোধী আছিল। ছাকিৰে লগতে কয় যে তেওঁ নিজৰ ধৰ্মক পত্নীতকৈ ওপৰত বুলি গণ্য কৰে। এতিয়া পঞ্চায়ত বা পৰিয়ালৰ লোকে যি সিদ্ধান্ত ল’ব, তেওঁ মানি ল’ব।

থানাত তিনি ঘণ্টা ধৰি আপোচৰ প্ৰচেষ্টা চলি থাকিল যদিও আৰ্শীয়ে স্বামীৰ লগত থাকিবলৈ অস্বীকাৰ কৰে। ছাকিৰ শাৰীৰিকভাৱে দুৰ্বল আৰু স্বামী হ’ব পৰাকৈ উপযুক্ত নহয় বুলি অভিযোগ কৰে আৰ্শীয়ে।

আৰ্শীক তিনি তালাক দিয়ে ছাকিৰে। তালাকৰ বিনিময়ত ২.৫ লাখ টকা দাবী কৰে আৰ্শীয়ে। থানাত কৰা লিখিত চুক্তিত সিদ্ধান্ত লোৱা হৈছিল যে দুয়োজনেই পৃথকে পৃথকে থাকিব। 

আৰ্শীয়ে কয় যে কেৱল দাড়িৰ বাবেই নহয় ছাকিৰৰ মাজত বহু কিবাকিবিৰ অভাৱ সেয়েহে তেওঁ আৰু স্বামীৰ সৈতে বসবাস কৰিব নিবিচাৰে। দেওৰেকৰ সৈতে আজীৱন একেলগে থকাৰ সিদ্ধান্ত লয় আৰ্শীয়ে। 

এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?