--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দুবাৰৰ অলিম্পিক পদকজয়ী নীৰজ চোপ্রাই পটচেফস্ট্র'ম আমন্ত্রণমূলক ট্রেক ইভেন্টত ৮৪.৫২ মিটাৰ জেভেলিন নিক্ষেপ কৰি নিজৰ ২০২৫ ছিজনৰ আৰম্ভণি ঘটাইছে। বুধবাৰে ছজনীয়া খেলুৱৈৰ প্ৰতিদ্বন্দ্বিতাত নীৰজে তেনেদৰেই দক্ষিণ আফ্রিকাত স্বর্ণজয়ী কৃতিত্ব অর্জন কৰে। 

নিজৰ শ্রেষ্ঠ ৮৯.৯৪ মিটাৰৰ কাষ চাপিব নোৱাৰিলেও চোপ্ৰাৰ বাবে এয়া ছিজনটোত এক শক্তিশালী আৰু মনোবল বৃদ্ধিৰ আৰম্ভণি বিবেচিত হৈছে। তাৰকা জেভেলিন থ্র'ৱাৰ চোপ্ৰাৰ নিকটতম প্রতিযোগী আছিল দক্ষিণ আফ্ৰিকাৰ ডাউ স্মিট। স্মিটে নিজৰ শ্ৰেষ্ঠ প্রদর্শন দাঙি ধৰি ৮৩.২৯ মিটাৰেৰে ৰূপৰ পদক লাভ কৰে। 

লক্ষণীয়ভাৱে ছজনীয়া খেলুৱৈৰ ভিতৰত মাথোঁ চোপ্রা আৰু স্মিটে ৮০ মিটাৰৰ সীমা পাৰ কৰিবলৈ সক্ষম হয়। এই ইভেন্টখনতে চোপ্রাই ২০২৫ ছিজনত প্রথম প্রতিযোগিতাত অৱতীৰ্ণ হয়। আগন্তুক এলীট আন্তর্জাতিক ছিজনৰ আগে আগে তেওঁ পটচেফস্ট্র'মত অনুশীলনত ব্যস্ত আছে। পেৰিছ অলিম্পিকৰ ৰূপজয়ী চোপ্রাই অহা ১৬ মে'ত ডোহা ডায়মণ্ড লীগত অৱতীৰ্ণ হ'ব, য'ত তেওঁ কঠিন প্রতিদ্বন্দ্বিতাৰ সন্মুখীন হ'ব।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?