--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কণ্ঠস্বৰ নকল কৰাৰ বাবে জনপ্ৰিয় মিমিক্ৰী আৰ্টিষ্ট শ্যাম ৰংগীলাই কালি ৰাজস্থানত আম আদমী পাৰ্টীত যোগদান কৰে। আম আদমী পাৰ্টীৰ নীতি-আদৰ্শৰ প্ৰতি শ্ৰদ্ধাশীল হৈ ৰংগীলাই আপত যোগদান কৰা বুলি সদৰী কৰে৷ আপত যোগদান কৰি ৰংগীলাই কয়, মই কেতিয়াও এনে কোনো ৰাজনীতিবিদক দেখা নাই যিয়ে কেৱল কামৰ হিচাপতহে ভোট দিবলৈ অনুৰেধ জনায়৷ তেওঁ কয়,  মই দলটোৰ নেতৃবৃন্দৰ কাম-কাজত প্ৰভাৱিত হৈছোঁ৷

যদিও দলটোৱে তেওঁক এইপৰ্যন্ত সঠিক স্থিতি দিয়া নাই, তেওঁ স্বতন্ত্ৰভাৱে কাম কৰাৰ ইচ্ছা ব্যক্ত কৰিছিল। তেওঁৰ যোগদানৰ বাতৰিটো নিশ্চিত কৰি আপে টুইট কৰে, ৰাজস্থানৰ বিখ্যাত কৌতুক অভিনেতা শ্যাম ৰংগীলাই আপত যোগদান কৰে৷ শ্যাম ৰংগীলাই তেওঁৰ ব্যংগৰ জৰিয়তে মানুহৰ মুখত হাঁহি আনিছে। এতিয়া তেওঁৰ কলাৰ জৰিয়তে তেওঁ আম আদমী পাৰ্টীৰ সহযোগত ৰাজ্যখনৰ শিক্ষা আৰু স্বাস্থ্য বিপ্লৱৰ ওপৰত আলোকপাত কৰিব।

দিল্লীত দলটোৰ প্ৰদৰ্শনক প্ৰশংসা কৰি ৰংগীলাই কয় যে আপে আন ৰাজনৈতিক সংগঠনৰ দৰে দোষাৰোপৰ খেল নখেলে। তেওঁ কয়, দিল্লীত ইয়াৰ উন্নয়নমূলক কামৰ ওপৰত ভিত্তি কৰি শেহতীয়া পঞ্জাব নিৰ্বাচনত জয়লাভ নৌকৰোঁতেই মই আপক সমৰ্থন জনাইছিলোঁ৷

ৰাজস্থানৰ নাগৰিকেও নেতৃত্ব সলনি কৰিবলৈ আহ্বান জনাইছে আৰু এইবাৰ আপক সুযোগ দিবলৈ ইচ্ছুক। পাঁচ বছৰৰ পাছত যদি আপে ৰাজ্যখনত ভাল প্ৰদৰ্শন নকৰে, তেন্তে মানুহৰ বাচনি কৰিবলৈ আন দল থাকিব আৰু মইও মোৰ পথত আগবাঢ়িম বুলি শ্যাম ৰংগীলাই মন্তব্য কৰে৷ সদ্যহতে তেওঁৰ এতিয়াই কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা নাই আৰু তেওঁ স্বতন্ত্ৰভাৱে কাম কৰিব মত ব্যক্ত কৰে৷  

ৰংগীলাই ইয়াৰ পূৰ্বে ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ত ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন কৰিছিল। তেওঁ কৈছিল যে তেওঁ উন্নয়ন আৰু পৰিৱৰ্তনৰ প্ৰচাৰৰ দ্বাৰা প্ৰভাৱিত হৈছিল। মই ৰেলীত অংশ লৈছিলোঁ আৰু ২০১৪ চনত নিজে স্বতন্ত্ৰভাৱে বিজেপিৰ হৈ কাম কৰিছিলোঁ৷ দলৰ পৰা কোনেও মোক ইয়াৰ বাবে নিযুক্তি দিয়া নাছিল৷ 

তেওঁ সম্ভাৱ্য পৰিৱৰ্তনৰ দ্বাৰা প্ৰভাৱিত হৈছিল যিটো দেশখনে সেই সময়ত অনুভৱ কৰিছিল। তেওঁ লগতে কয়, পেট্ৰ’ল আৰু ডিজেলৰ মূল্য দিনক দিনে বৃদ্ধি পাইছে আৰু বিভিন্ন কাৰণত ই অধিক বৃদ্ধি পাব। তেওঁ লগতে তেওঁৰ অনুষ্ঠানসমূহৰ চেঞ্চৰশ্বীপকলৈ উদ্বেগ প্ৰকাশ কৰে আৰু কয় যে পৰিচালক আৰু প্ৰযোজকসকলে তেওঁক অনুষ্ঠানলৈ আমন্ত্ৰণ জনায় কিন্তু অনুমতি বিচাৰিলে চেনেলবোৰে তেওঁক প্ৰৱেশ কৰাত বাধা দিয়ে।

তেওঁ পুনৰ কয়, ২০১৭ চনত এটা কমেডি শ্ব’ত মোৰ প্ৰদৰ্শন নিষিদ্ধ কৰা হৈছিল। ২০১৪ চনৰ আগতে কেতিয়াও এনে হোৱা নাছিল৷ 

তেওঁক আপৰ পৰৱৰ্তী কুমাৰ বিশ্বাস হিচাপে গণ্য কৰা হ’ব নেকি বুলি সোধাত ৰঙ্গিলাই কয়, তেওঁ (বিশ্বাস) যথেষ্ট অভিজ্ঞ আৰু মই তেওঁৰ পদাংক অনুসৰণ কৰিছোঁ আৰু তেওঁৰ পৰা শিকিছোঁ৷ মোক তেওঁৰ সৈতে তুলনা কৰা উচিত নহয়। মই নিজৰ ধৰণেৰে আগবাঢ়িবলৈ প্ৰয়াস কৰিম৷ 

আম আদমী পাৰ্টীয়ে ৰাজস্থানৰ পৰা শ্যাম ৰংগীলাক দলটোত অন্তৰ্ভুক্ত কৰোৱাৰ পাছত যুৱপ্ৰজন্মৰ মাজত দলটোৱে কি ধৰণৰ প্ৰভাৱ পেলাই, সেয়া লক্ষ্যণীয় হ’ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?