--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ কানপুৰত অবিশ্বাসী বুলি দাবী কৰি ১৭ বছৰীয়া প্ৰেমিকাক ডিঙি চেপি হত্যা কৰিলে এজন যুৱকে। তাৰপিছতেই যুৱকজনে প্ৰেমিকাৰ এগৰাকী বন্ধুলৈ ফোন কৰি অপৰাধ স্বীকাৰ কৰি কয় যে "মই তোমাৰ বান্ধৱীক হত্যা কৰিলোঁ।তাই অবিশ্বাসী আছিল আৰু নিজৰ সৌন্দৰ্য্যক লৈ তাই বহুত গৰ্ব কৰিছিল। এই কথা তাইৰ দেউতাককো কৈ দিবা।"

প্ৰেমিকাক ভাড়াঘৰলৈ নিমন্ত্ৰণ কৰি ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে যুৱকজনৰ বিৰুদ্ধে। হত্যাকাণ্ডৰ পিছতে তেওঁ প্ৰেমিকাৰ বন্ধুলৈ ফোন কৰি অপৰাধ স্বীকাৰ কৰি পলায়ন কৰে। 

আৰক্ষীৰ তথ্য অনুসৰি সোমবাৰে বিয়লি বন্ধুৰ সৈতে বজাৰলৈ গৈছিল যুৱতীগৰাকী। তাতে যুৱতীগৰাকীয়ে প্ৰেমিক শিৱম বাৰ্মাক লগ পালে। শিৱমে প্ৰেমিকাক নিজৰ ভাড়াঘৰলৈ যাবলৈ লগ ধৰিলে। প্ৰেমিকৰ কথাত প্ৰেমিকাও সন্মত হল। শিৱমৰ বাইকত উঠি ভাড়াঘৰলৈ আহিল যুৱতীগৰাকী। যুৱতীৰ বন্ধুজন ঘৰলৈ উভতি আহিছিল।

এঘণ্টাৰ পাছতেই শিৱম বাৰ্মাই যুৱতীগৰাকীৰ বন্ধুজনক ফোন কৰি অভিযোগ কৰে যে প্ৰেমিকা অবিশ্বাসী হোৱাৰ বাবে তাইৰ ডিঙি চেপি হত্যা কৰিছে। এই কথাখিনি কোৱাৰ পাছতেই লগে লগে ফোনটো বিচ্ছিন্ন কৰি পেলায় শিৱমে। ইয়াৰ পিছতে বন্ধুজনে হত্যাকাণ্ডৰ বিষয়ে যুৱতীগৰাকীৰ পিতৃক অৱগত কৰে। ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে ভুক্তভোগীৰ পিতৃয়ে কন্যাক নিথৰ হৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰি অৱশেষত আৰক্ষীক ফোন কৰে।

আৰক্ষীয়ে যুৱতীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

হত্যাকাণ্ড সংঘটিত কৰিবলৈ ব্যৱহাৰ কৰা কটাৰীখন অপৰাধস্থলীত উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জনায় যে "ফৰেনছিক দলে পৰীক্ষা চলাই আছে। ভুক্তভোগীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। তদন্ত অব্যাহত আছে।"
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?