--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লীঃ দিশাৰ দুৰ্দান্ত ষ্টাণ্টে তুলিছে আলোড়ন। চমকপ্ৰদ তথা ভয়ংকৰ ষ্টাণ্টেৰে ইতিমধ্যে অনুৰাগীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে টাইগাৰ শ্ৰফ। পিছে টাইগাৰ যদি ডালে ডালে তেতিয়া হ’লে দিশা পাটানিও পাতে পাতে। দিশাৰ চমকপ্ৰদ ষ্টাণ্টে তেওঁ যে টাইগাৰৰ যোগ্য পাণিপ্ৰাৰ্থী সেয়া প্ৰমাণ কৰি দিছে। বলীউড অভিনেত্ৰীসকলৰ ভিতৰত সমৰ কলা আৰু ষ্টাণ্টৰ বাবেও বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছে দিশাই। নিজৰ ফিটনেছক লৈও যথেষ্ট সচেতন অভিনেত্ৰী দিশা।

এইগৰাকী বলীউড তাৰকা অভিনেত্ৰীয়ে সামাজিক মাধ্যমত মাজে মাজে ফিটনেছ বা ষ্টাণ্টৰ ভিডিঅ' পোষ্ট কৰাও পৰিলক্ষিত হয়। আৰু তাকে চাবলৈ শত-সহস্ত্ৰ অনুৰাগীয়ে উবুৰি খাই পৰে দিশাৰ পোষ্টত। শেহতীয়াকৈ এইগৰাকী বলীউড ৰূপৱতীৰ ষ্টাণ্টৰ ভিডিঅ’ই সকলোৰে চকু কপালত তুলিছে। ইনষ্টাগ্ৰামত পোষ্ট কৰা ভিডিঅ'টোত দিশাক বতাহত উৰি থকা আৰু '৭২০ কিক' মাৰি থকা দেখা গৈছে। টাইকোৱাণ্ডোৰ কঠিন ষ্টাণ্টৰ ভিতৰত অন্যতম এটা হৈছে ‘৭২০-কিক’ । এই ষ্টান্ট কৰাটো সহজ নহয়।

কিন্তু দিশা পাটানীয়ে অনায়াসে এই ষ্টান্ট কৰিবলৈ সক্ষম হৈছে। বতাহত ৭২০ ডিগ্ৰী বৃত্তাকাৰ পথে ঘূৰি এই ষ্টাণ্টটো কৰিছিল দিশাই। প্ৰেমিক টাইগাৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ এনে ধৰণৰ ষ্টাণ্ট দিশাই প্ৰদৰ্শন কৰিছে বুলি অনুৰাগীয়ে মন্তব্য কৰিছে। টাইগাৰ শ্ৰফেও দিশাৰ এনে দুসাহসিক ক্ৰীড়াৰ বাবে প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। স্মৰ্তব্য যে, দিশাক শেষবাৰৰ বাবে ‘ৰাধে: ইয়োৰ মোষ্ট ৱান্টেড ব্ৰাদাৰ’ ছবিখনত দেখিবলৈ পোৱা গৈছিল। ছবিখনত টাইগাৰৰ বিপৰীতে আছিল ছলমান খান। অ'টিটি প্লেটফৰ্মত মুক্তি পাইছিল ছবিখন। এইবাৰ এখন খলনায়কৰ ছবিত অভিনয় কৰিব দিশাই। ছবিখনত দিশাৰ সৈতে জন আব্ৰাহাম, অৰ্জুন কাপুৰ, তাৰা চুটাৰিয়াকো দেখিবলৈ পাব চলচ্চিত্ৰ প্ৰেমীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?