--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

আফগানিস্তানঃ অশান্তজৰ্জৰ আফগানিস্তান! দেশৰ গণতান্ত্ৰিক চৰকাৰখনক বলপূৰ্বকভাৱে গাদীচ্যুত কৰি ক্ষমতা দখল কৰিছে তালিবানে। প্ৰাণৰ মমতাত দেশ এৰিছে অধিকাংশ আফগানীয়ে। মৃত্যু হৈছে বহু নাগৰিকৰ, ইয়াৰ মাজতে আশাৰ পোহৰ ছটিয়াইছে জাকিয়া খুদাদাদীয়ে। দেশৰ হৈ পেৰা অলিম্পিকত টাইকোৱাণ্ডোত অংশগ্ৰহণ কৰিব বিচাৰিছিল জাকিয়াই। কিন্তু আন্তঃৰ্জাতিক বিমানসেৱা বন্ধ হোৱা বাবে পেৰা অলিম্পিকলৈ ৰাওনা হোৱাৰ স্বপ্নম্লান পৰি ৰ’ল জাকিয়াৰ।

উল্লেখ্য যে, জাকিয়াই আফগানিস্তানৰ পৰা প্ৰথমবাৰৰ বাবে মহিলা পেৰা অলিম্পিকত অংশগ্ৰহণ কৰিছিল। জাকিয়াৰ উপৰি পেৰা অলিম্পিকক আফগানিস্তানৰ ডিছকাছ থ্ৰ'য়াৰ হোছেইন ৰাছাউলীয়ে প্ৰতিনিধিত্ব কৰিছিল। হোছেইন ৰাছাউলীৰ সৈতে অংশগ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছিল জাকিয়াই। কিন্তু দেশৰ সাম্প্ৰতিক পৰিস্থিতিত জাপান অভিমুখে ৰাওনা হোৱাত চৰম অনিশ্চয়তাই দেখা দিছে।


তালিবানে দেশখনত ক্ষমতা দখল কৰাৰ পাছত আন্তৰ্জাতিক বিমান চলাচল বন্ধ কৰি দিয়া হৈছে। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে কিছুমান দেশে আফগানিস্তানত বাস কৰা তেওঁলোকৰ নিজৰ দেশৰ নাগৰিকসকলক ওভতাই আনিবলৈ উৰা মাৰিছে। অৱশ্যে, বেছিভাগ আফগানৰ বাবে দুৱাৰ বন্ধ কৰি দিয়া হৈছিল। ফলস্বৰূপে, জাকিয়া আৰু ৰাছাউলীয়ে দেশখনক প্ৰতিনিধিত্ব কৰিবলৈ জাপানলৈ কৰিবলগীয়া যাত্ৰা পথ প্ৰায় বন্ধ হৈ পৰিছে। এই সন্দৰ্ভত ৰাছাউলীয়ে সদৰী কৰে যে, ‘এই সময়ত কাবুল এৰি যোৱাটো সম্ভৱ নহয়।’যুদ্ধবিধ্বস্ত আফগানিস্তান ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট পিছ পৰি আছে। ক্ৰিকেটে লাহে লাহে মূৰ দাঙি উঠিছে। কিন্তু ৰাজনৈতিক অস্থিৰতাই বাৰে বাৰে বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?