--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

কাবুল : আফগানিস্তানত তালিবানৰ সন্ত্ৰাসে অনিয়ন্ত্ৰিত ৰূপ লৈছে। তালিবানৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে আফগান চৰকাৰৰ ‘মিডিয়া ইনফৰ্মেচন চেণ্টাৰ’ৰ মুৰব্বীগৰাকীয়ে। আফগান চৰকাৰে সদৰি কৰা মতে আজি দেশখনৰ ৰাজধানীত থকা এটা মছজিদত তেওঁক তালিবানে গুলীয়াই হত্যা কৰে। চৰকাৰৰ প্ৰতিনিধি আৰু শীৰ্ষ বিষয়াবৰ্গক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ সতৰ্কবাণী প্ৰেৰণৰ পাছতে এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে ইছলামিক মৌলবাদী অতি নৃশংস এই সংগঠনটোৱে।

এই ঘটনাৰ পাছতে দেশখনৰ গৃহমন্ত্ৰনালয়ৰ মুখপাত্ৰ মিৰৱাইছ ষ্টানিকজায়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তালিবানৰ এই আক্ৰমণক কাপুৰুষালি আখ্যা দিয়ে। তেওঁ কয়, ‘দুৰ্ভাগ্যজনকভাৱে এই নৃশংস সন্ত্ৰাসবাদী সংগঠনটোৱে আন এটা কাপুৰষালিভৰা কাণ্ড সংঘটিত কৰিলে আৰু এগৰাকী দেশপ্ৰেমিক আফগান শ্বহীদ হ’বলগীয়া হ’ল।’ তালিবানৰ গুলীত প্ৰাণ হেৰুওৱা আফগান শীর্ষ বিষয়াগৰাকী হৈছে দাৱা খান মেনাপল। তালিবানে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।

তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে সংবাদ মাধ্যমলৈ এটা বাৰ্তা প্ৰেৰণ কৰি কয় যে, মুজাহিদিনৰ এটা বিশেষ আক্ৰমণত তেওঁক হত্যা কৰা হৈছে। উল্লেখ্য যে, বিগত মে’ মাহৰ পৰা তালিবানে আফগানিস্তানত নিজৰ সন্ত্ৰাস বৃদ্ধি কৰিছে আৰু দেশখনৰ সীমান্তৱৰ্তী আৰু প্ৰান্তীয় অঞ্চলবোৰৰ নিয়ন্ত্ৰণ নিজৰ দখললৈ আনিছে। কেৱল এয়াই নহয় সম্প্ৰতি দেশখনৰ ভালেমান বৃহৎ মহানগৰতো তালিবানে আফগান সামৰিক বাহিনীক প্ৰত্যাহ্বান জনাবলৈ আৰম্ভ কৰিছে। আফগানিস্তানৰ পৰা মাৰ্কিন সেনা প্ৰত্যাহাৰৰ পাছতে দেশখনৰ পৰিস্থিতিৰ দ্ৰুত অৱনতি ঘটিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?