--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰব হৈ পৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন৷যোৱা বুধবাৰে মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে কয় যে তামিলনাডুৱে নাগৰিকত্ব (সংশোধনী) আইন (CAA) কেতিয়াও কাৰ্যকৰী নকৰে।মুখ্যমন্ত্ৰীজনে কয় যে এইখন আইন মুছলমান আৰু শ্ৰীলংকান তামিলৰ বিৰুদ্ধে।

কেন্দ্রীয় ৰাজ্যিক মন্ত্রী শান্তনু ঠাকুৰে কেৱল পশ্চিম বংগতে নহয়, সমগ্ৰ দেশতে CAA কার্যকৰী হ’ব বুলি দিয়া বক্তব্যৰ প্রতি প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রী ষ্টেলিনে ছ’চিয়েল মিডিয়াত কয়, ‘মই আশ্বাস দিছো যে আমি নাগৰিকত্ব (সংশোধনী) আইনৰ অনুমতি নিদিওঁ৷ ) 

হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদন অনুসৰি ৰাজ্যসভাত বিধেয়কখনক সমৰ্থন কৰা বিজেপিৰ মিত্ৰদল এআইএডিএমকেকো ষ্টেলিনে সমালোচনা কৰে।

বৰ্তমান বিনিয়োগকাৰীৰ সৈতে সাক্ষাতৰ বাবে স্পেইনত থকা ষ্টেলিনে সোঁৱৰাই দিয়ে যে ডিএমকে বিৰোধী দলত থকাৰ সময়ত আৰু এআইএডিএমকে চৰকাৰত থকাৰ সময়ত তামিলনাডুত CAAৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। ডি এম কে-এ ইয়াৰ কাৰ্যকৰীকৰণৰ বিৰুদ্ধে দুই কোটি স্বাক্ষৰ সংগ্ৰহ কৰি ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিছিল।

ষ্টেলিনে কয়, ‘২০২১ চনত আমি ক্ষমতালৈ অহাৰ লগে লগে আমি বিধানসভাত CAA প্ৰত্যাহাৰৰ দাবীত এটা প্ৰস্তাৱ গৃহীত কৰিলোঁ। ডি এম কে চৰকাৰে কেতিয়াও তামিলনাডুত CAA কাৰ্যকৰী হ’বলৈ নিদিয়ে।

উল্লেখযোগ্য যে CAA ৰ অধীনত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশত নিৰ্যাতনৰ বলি হোৱা সেই অমুছলমান অনুপ্ৰৱেশকাৰী (হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী, খ্ৰীষ্টান)ক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে।২০১৯ চনৰ ডিচেম্বৰ মাহত ভাৰতৰ সংসদে CAA গৃহীত কৰি পৰৱৰ্তী সময়ত ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?