--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

বেইজিং : এইবাৰ বুদ্ধৰ ৰূপত ড’নাল্ড ট্ৰাম্প। বু্দ্ধৰ ভংগিমাৰে বহি থকা ড’নাল্ড ট্ৰাম্পৰ মূৰ্তিয়ে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। চীনত এই মূৰ্তিৰ ব্যাপক সমাদৰো দেখিবলৈ পোৱা গৈছে। চীনৰ এটা কোম্পানীয়ে নিৰ্মাণ কৰা এই মূৰ্তিক লৈ সমগ্ৰ বিশ্বতে চৰ্চা চলা দেখিবলৈ পোৱা গৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পাছত গোলকীয় সংবাদ মাধ্যমৰ শিৰোনামৰ পৰা আঁতৰ হোৱা প্ৰাক্তন ৰাষ্ট্ৰপতিজনৰ প্ৰসংগই পুনৰ চৰ্চা লাভ কৰিছে এই মূৰ্তিৰ জৰিয়তে।

আৰু পঢ়িব পাৰিব : এমাহতে ৫ লাখক চাকৰি দিব কংগ্ৰেছে : প্ৰচাৰ অভিযান আৰম্ভ

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ব্যক্তিত্বৰ সৈতে কোনো সম্পৰ্ক নাই বুলি ক’ব পৰা এটা ভংগিমাত এই মূৰ্তিটোত দেখা গৈছে ট্ৰাম্পক। মূৰ্তিটোত বুদ্ধৰ চিৰপৰিচিত ভংগিমাত মূৰ তল কৰি, প্ৰশান্তিত চকু মুদি, হাত দুখন উৰুৰ ওপৰত থৈ বহি থকা দেখা গৈছে ট্ৰাম্পক। বগা ৰঙৰ এই মূৰ্তিটোৱে যথেষ্ট আমোদ দিছে চীনৰ ক্ৰেতাসকলক।

আৰু পঢ়িব পাৰিব : এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰত কেমিকেলযুক্ত শুকান মাছ! জনস্বাস্থ্যৰ প্ৰতি ভাবুকি

চীনৰ ই-কমাৰ্চ ছাইট ‘টাওবাও’ত এই মূৰ্তিটো বিক্ৰীৰ বাবে ৰখা হৈছে আৰু ইয়াৰে ডাঙৰ আকৃতিৰ মূৰ্তিটোৰ দাম ৩,৯৯৯ য়ুৱান অৰ্থাৎ ৪৪,৭০৭টকা ধাৰ্য কৰা হৈছে। সৰু আকৃতিৰ মূৰ্তিটোৰ দাম হৈছে ১১,১৬৮টকা। ট্ৰাম্পৰ চৰ্চিত শ্লোগান ‘মেক আমেৰিকা গ্ৰেট এগেইন’ৰ আৰ্হিৰে দেশখনৰ ফুজিয়ান প্ৰদেশৰ বিক্ৰেতাগৰাকীয়ে ‘মেক ইঅ’ৰ কোম্পানী গ্ৰেট এগেইন’ বাৰ্তা দিব বিচাৰিছে বুলি গ্লোবেল টাইমছত প্ৰকাশ পাইছে। কোম্পানীটোৱে এনে ১০০টা মূৰ্তি নিৰ্মাণ কৰিছে আৰু ইয়াৰে কেইবাডজন ইতিমধ্যে বিক্ৰী হৈ গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?