ডিজিটেল ডেস্ক: তেলেংগানা চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছে কেঁচা কণীৰ পৰা তৈয়াৰী মেয়োনিজ৷ খাদ্য সুৰক্ষাৰ প্ৰতি লক্ষ্যৰাখি এবছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰিছে মেয়োনিজ৷ উল্লেখনীয় যে চেণ্ডুইচ, মমোৰ দৰে খাদ্য সামগ্ৰীৰ লগত মেয়োনিজৰ সমাহাৰ খুবেই জনপ্ৰিয়৷
শেহতীয়া খবৰ অনুসৰি হায়দৰাবাদত ম’ম’ খাই এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে ১৫ গৰাকী অসুস্থ হৈ পৰাৰ পাছতে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। খাদ্য সুৰক্ষা বিষয়াসকলে সদৰি কৰা মতে, ৰাজ্যখনত এনে বহু ঘটনা পোহৰলৈ আহিছে য’ত কেঁচা কণীৰ পৰা তৈয়াৰী মেয়নিজ খাই স্বাস্থ্য অৱনতি ঘটিছে।
তেলেংগানাৰ খাদ্য সুৰক্ষা আয়ুক্তই এক বিবৃতিৰ জৰিয়তে কয় যে যোৱা কেইমাহমানৰ পৰ্যবেক্ষণ আৰু অভিযোগৰ পৰা জানিব পৰা গৈছে যে কেঁচা কণীৰ পৰা তৈয়াৰী মেয়নিজ সেৱনৰ ফলত খাদ্য বিষক্ৰিয়া হৈ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছে। সেয়ে কেঁচা কণীৰ পৰা তৈয়াৰী মেয়োনিজ নিষিদ্ধ কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰিছে৷