--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সম্প্ৰতি বিভিন্ন ধৰণৰ সামাজিক মাধ্যমৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায়৷ টেলিগ্ৰামো বহুলভৱে ব্যৱহাৰ হোৱা এটা সামাজিক মাধ্যম৷ সামাজিক মাধ্যম সমূহ ব্যৱহাৰ কৰোঁতে কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে, যাতে কোনো ধৰণৰ বিপদৰ সন্মুখীন হ’ব লগীয়া নহয়৷ শেহতীয়া কৈ টেলিগ্ৰাম ব্যৱহাৰ ক্ষেত্ৰত সুৰক্ষাজনিত কিছুমান প্ৰশ্নৰ উত্থাপন হৈছে৷     
   
চাওঁ আহকচোন সুৰক্ষিতভাৱে টেলিগ্ৰাম ব্যৱহাৰ কৰিবলৈ কেইটামান গুৰুত্বপূৰ্ণ পদক্ষেপঃ 

টু-ষ্টেপ ভেৰিফিকেচন(Enable two factor authentication)- টেলিগ্ৰামতো টু-ষ্টেপ ভেৰিফিকেচনৰ সুবিধা উপলব্ধ৷ নিজৰ সুৰক্ষাৰ বাবে এই ব্যৱস্থা সক্ৰিয় কৰক৷ নতুন ডিভাইচৰ পৰা লগ-ইন কৰাৰ সময়ত আপোনাৰ ফোনত পঠোৱা কোডৰ প্ৰয়োজন হ’ব যাৰ বাবে আনে আপোনাৰ টেলিগ্ৰাম ব্যৱহাৰ কৰিব নোৱাৰে৷

গোপন চাটৰ ব্যৱহাৰ(Use private chats)-গোপন চাট সমূহ কেৱল বাৰ্তা প্ৰেৰক আৰু পেৰণ কৰা ব্যক্তিজনেহে পঢ়িব পাৰে।

শক্তিশালী পাছৱৰ্ড স্থাপন(Set a strong password)-আপোনাৰ টেলিগ্ৰাম একাউণ্টৰ বাবে শক্তিশালী পাছৱৰ্ড ব্যৱহাৰ কৰক।

প্ৰফাইল দৰ্শন সীমিতকৰণ(Limit profile visibility)-আপোনাৰ ফোন নম্বৰ, প্ৰফাইল ফটো, আৰু স্থিতি কোনে দেখিব পাৰিব তাত নিয়ন্ত্ৰণ কৰাৰ সুবিধা প্ৰদান কৰিছে৷ এই গোপনীয়তাৰ ছেটিংসমূহ সক্ৰিয় কৰি টেলিগ্ৰাম ব্যৱহাৰ কৰক।

ওচৰৰ লোকক অক্ষম(Disable People Nearby)- এই বৈশিষ্ট্য বন্ধ ৰাখক যাতে আনসকলে আপোনাৰ অৱস্থান জানিব নোৱাৰে।

লিংকসমূহৰ প্ৰতি সাৱধানতা অৱলম্বন(Be cautious with links)-সন্দেহজনক লিংকত ক্লিক কৰাৰ পৰা বিৰত থাকক, এই লিংকসমূহ ক্লিক কৰিলে ফিছিং লিংক বা মেলৱেৰত প্ৰৱেশ কৰিব পাৰে, যি আপোনাৰ ক্ষতি কৰিব পাৰে৷ 

নিয়মিত কেচ পৰিষ্কাৰ(Regularly clear cache)- এনে কৰিলে আপোনাৰ এপ্লিকেশ্বনটো সক্ৰিয় ভাৱে চলাত সহায় কৰে আৰু অপ্ৰয়োজনীয় তথ্য নিষ্কাশণ কৰে৷

ইয়াৰোপৰি অপৰিচিত ব্যক্তিৰ সৈতে যোগাযোগ কৰাৰ পৰা বিৰত থকা ভাল৷ কোনো ব্যক্তিগত তথ্য প্ৰদানৰ পৰাও বিৰত থাকিলে সাম্ভাব্য বিপদৰ পৰা  হাত হাৰিব পাৰিব৷ গতিকে যি সামাজিক মাধ্যমেই ব্যৱহাৰ নকৰক কিয় প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰা জৰুৰী৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?