--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এই কথা কম-বেছি পৰিমাণে সকলোৱে জানে যে টেঙা দৈ খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী। চিকিৎসাবিজ্ঞানৰ মতে, প্ৰতিদিনে এবাটি টেঙা দৈ খালে বহুতো শাৰীৰিক সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। দুপৰীয়াৰ আহাৰ খোৱাৰ পাছত টেঙা দৈ খালে শৰীৰৰ বহুতো লাভালাভ হয়। এদিনত ৩০০-৫০০ গ্ৰাম দৈ খোৱাটো শৰীৰৰ বাবে উপকাৰী বুলি বিভিন্ন গৱেষণাত প্ৰকাশ পাইছে৷

আনহাতে, যদি আপুনি প্ৰয়োজনতকৈ অধিক দৈ খায়, ইয়াৰ ফলত শৰীৰত অত্যাধিক কেলচিয়াম উৎপন্ন হ’ব পাৰে। যিয়ে আপোনাৰ স্বাস্থ্যৰ জটিলতা বৃদ্ধি কৰিব পাৰে। মনত ৰাখিব, মিঠা দৈতকৈ টেঙা দৈ খোৱাটোহে অধিক উপকাৰী।

বহুলোকে তেওঁলোকৰ ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ চৰ্বী পৰিহাৰ কৰে। আৰু টেঙা দৈত বহুত কম পৰিমাণৰহে চৰ্বী থাকে। সেইকাৰণে টেঙা দৈয়ে ওজন হ্ৰাস কৰাত সহায় কৰে। টেঙা দৈ তেজৰ কলেষ্ট’ৰল হ্ৰাস কৰাতো বিশেষভাৱে সহায়ক বুলি প্ৰমাণিত হৈছে। সেয়েহে নিয়মিত টেঙা দৈ খোৱাৰ অভ্যাসে ষ্ট্ৰোক আৰু হৃদযন্ত্ৰৰ সমস্যাৰ আশংকা হ্ৰাস কৰে।

টেঙা দৈৰ লেক্টিকে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাত সহায় কৰে। যদি আপুনি ইয়াক নিয়মীয়াকৈ খাব পাৰে, মলাশয়ৰ কৰ্কট ৰোগৰ আশংকা হ্ৰাস হয়। দৈয়ে হজমশক্তিক উন্নত কৰে। দৈ খালে মানসিক চাপ আৰু উদ্বেগ হ্ৰাস হয়।

বহুলোকক বদহজমৰ সমস্যাত ভোগা দেখা যায়। টেঙা দৈয়ে এই সমস্যাটো দূৰ কৰাত সহায় কৰিব পাৰে। টেঙা দৈৰ ‘কিণ্বিত এনজাইমে’ খাদ্য হজম কৰাত সহায় কৰে আৰু বদহজম প্ৰতিহত কৰে। নিয়মীয়াকৈ এবাটি দৈ খাই ওজন হ্ৰাস কৰাৰ ২২ শতাংশ সম্ভাৱনা আছে।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?