--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : কোভিড প্ৰতিষেধক গ্ৰহণ কৰা লোকসকলৰ মাজত চলোৱা সমীক্ষাই দিছে আশাৰ বতৰা। এই সমীক্ষাত অংশ লোৱা ৭.৭৫ লাখ লোকৰ ভিতৰত ৯৭শতাংশই টিকাকৰণক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। মঙলবাৰে এই তথ্য সদৰী কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে।

আৰু পঢ়িব পাৰিব : ১০০১ দিনৰ কাৰাৰুদ্ধ জীৱনৰ অন্তত স্বগৃহত এগৰাকী সংগ্ৰামী

১৭ জানুৱাৰীৰ পৰা ‘কো-উইন’ মোবাইল এপৰ জৰিয়তে কেন্দ্ৰই টিকা গ্ৰহণ কৰা লোকসকলৰ পৰা মতামত গ্ৰহণ কৰিছিল। এই প্ৰচেষ্টাত ৭.৭৫ লাখ লোকৰ সঁহাৰি লাভ কৰে। স্বাস্থ্য সচিব ৰাজেশ ভূষণে এখন সংবাদ মেলত এই কথা প্ৰকাশ কৰিছে। উল্লেখ্য যে, ১৬ জানুৱাৰীত দেশত টিকাকৰণ অভিযান আৰম্ভ হৈছিল আৰু প্ৰথম পৰ্যায়ত স্বাস্থ্যকৰ্মীসকলৰ টিকাকৰণৰ ব্যৱস্থা কৰা হৈছিল।

আৰু পঢ়িব পাৰিব : অমানুষিক : গৌৰীপুৰত বিদ্যুতৰ খুটাত বান্ধি যুৱতীক নিৰ্যাতন

ভূষণে প্ৰকাশ কৰে যে, মোবাইল এপৰ জৰিয়তে প্ৰতিষেধক গ্ৰহণ কৰা লোকসকলক চাৰিটা প্ৰশ্ন সোধা হৈছিল আৰু ব্যক্তি বিশেষে এই প্ৰশ্নলানি বেলেগ আছিল। স্বাস্থ্য বিভাগে লাভ কৰা সঁহাৰিসমূহৰ ভিতৰত ৯৭.৩৫শতাংশ লোকে সামগ্ৰিক প্ৰক্ৰিয়াটোক লৈ সন্তুষ্টি ব্যক্ত কৰিছিল। তদুপৰি ৯৭.৩১শতাংশ লোকে প্ৰকাশ কৰিছিল যে, টিকাকৰণ কৰা স্থানত উপযুক্ত সামাজিক দূৰত্বৰ নীতি মানি চলা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?