--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টকাৰ পাহাৰ দেখিছেনে? হয়, ঝাৰখণ্ডত উদ্ধাৰ হৈছে টকাৰ পাহাৰ৷    ঝাৰখণ্ডৰ মন্ত্ৰী আলমগীৰ আলমৰ ব্যক্তিগত সচিব সঞ্জীৱ লালৰ ঘৰুৱা বন কৰা লোকৰ ঘৰত এতিয়ালৈকে উদ্ধাৰ হৈছে নগদ ৩২ কোটি টকা৷  ইডিৰ বিষয়াসকলে কালিৰে পৰা টকা গণনা কৰা যন্ত্ৰত ধন গণিয়েই আছে৷  কেৱল টকা উদ্ধাৰ কৰাই নহয়  ইডিয়ে এই ক্ষেত্ৰত ব্যৱস্থাও গ্ৰহণ কৰিছে। কংগ্ৰেছ নেতা তথা ঝাৰখণ্ডৰ মন্ত্ৰী আলমগীৰ আলমৰ ব্যক্তিগত সচিব সঞ্জীৱ লালক মঙলবাৰে পুৱা গ্ৰেপ্তাৰ কৰা হৈছে৷  

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকক্ষণত ঝাৰখণ্ডৰ উক্ত  মন্ত্ৰী জনৰ সচিবৰ এজন লগুৱাৰ বাসগৃহত অভিযান চলাই প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) কালিৰে পৰা এতিয়ালৈকে ৩২  কোটি টকা জব্দ কৰিছে। ইডিৰ বিষয়াসকলে সোমবাৰে পুৱাৰে পৰা ৰাঁচীৰ বিভিন্ন স্থানত অভিযান আৰম্ভ চলাই আছে।  ঝাৰখণ্ডৰ গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী আলমগীৰ আলমৰ ব্যক্তিগত সচিব সঞ্জীৱ লালৰ  এজন লগুৱাৰ ঘৰতো তালাচী চলোৱা হয়। ইডিৰ সূত্ৰৰ মতে পৰিচাৰকৰ ঘৰৰ পৰা ৩২   কোটি টকা উদ্ধাৰ কৰা হৈছে। ইডিয়ে সন্দেহ কৰিছে যে এই ধন  মানি লণ্ডাৰিং গোচৰৰ সৈতে জড়িত।  

ইডিৰ  বিষয়াসকলে সঞ্জীৱৰ লগুৱাৰ ঘৰত তালাচী চলাই ৩২    কোটি টকা উদ্ধাৰ কৰাৰ ঘটনাই বহুতকে আচৰিত কৰি তুলিছে। ইমান বেছি মাত্ৰাত নগদ ধন লুকুৱাই ৰখাৰ কথাই এয়া যে দুৰ্নীতিৰে সংগ্ৰহ কৰা ধন তাকেই প্ৰমাণ কৰা বুলি বহুতে মন্তব্য কৰিছে।  ইডিৰ মতে গ্ৰামোন্নয়ন বিভাগৰ মুখ্য অভিযন্তা বীৰেন্দ্ৰ কে ৰামৰ ধন সৰবৰাহৰ  গোচৰত সঞ্জীৱৰ নাম জড়িত আছিল। সেই সংযোগৰ সৈতে সংগতি ৰাখি   সোমবাৰে  পুৱা  ইডিয়ে অভিযান আৰম্ভ কৰে। গ্ৰামোন্নয়ন বিভাগৰ মুখ্য অভিযন্তা বীৰেন্দ্ৰক ২০২৩ চনৰ ফেব্ৰুৱাৰীত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল।

 তেওঁৰ বিৰুদ্ধে বিভিন্ন আঁচনিৰ  ধন আত্মসাৎ কৰাৰ অভিযোগ আছে। ইডিয়ে দাবী কৰিছে যে সঞ্জীৱো গোচৰটোত জড়িত আছে।  ইডি বিষয়াসকলৰ মতে  সঞ্জীৱ ঝাৰখণ্ডৰ আন মন্ত্ৰীসকলৰ সৈতে  ধনৰ লেনদেনত জড়িত আছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?