--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগ বছৰ মঞ্চৰ পৰা সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল মডেল তথা অভিনেত্ৰী উৰ্ফি জাভেদে। এতিয়া প্ৰায়ে বাতৰিৰ শিৰোনামত থকা দেখা যায় উৰ্ফি জাভেদক। পাছে অভিনেত্ৰীগৰাকীয়ে তেওঁৰ অভিনয়ৰ বাবে নহয় ভিন্নৰূপী পোছাকৰ বাবে বাৰে বাৰে বিতৰ্কৰ সন্মুখীন হৈ আহিছে। একাংশই উৰ্ফিক সস্তীয়া কেটৰিনা কাঈফ বুলি অভিহিত কৰিছে যদিও এই কথাবোৰক এৰাই চলে উৰ্ফিয়ে। তাৰ পৰিৱৰ্তে, উৰ্ফিয়ে সদায় কয়, ‘মই ট্ৰলিংক সদায় ট্ৰল কৰোঁ। এইবোৰে মোক প্ৰভাৱিত নকৰে। এনে সমালোচনাই কেতিয়াও মোৰ কেৰিয়াৰ নষ্ট কৰিব নোৱাৰে। এতিয়া মই এনে এটা পৰ্যায়লৈ আহিছো য'ত এনে সমালোচক সকলে মোৰ কোনো ক্ষতি কৰিব নোৱাৰে। মই তেনেকুৱা মানুহক গুৰুত্ব নিদিওঁ।’

পাছে যিহেতু অভিনেত্ৰীগৰাকীয়ে বলীউডৰ সৈতে পোনপটীয়াকৈ জড়িত নহয় তাকে লৈয়ো বহুতে উপহাস কৰে উৰ্ফি জাভেদক। এতিয়ালৈকে, নিচৰা ধৰণে কোনো কামো বিচাৰি পোৱা নাই অভিনেত্ৰীগৰাকীয়ে। এটা সাক্ষাৎকাৰত উৰ্ফি জাভেদে কয়, ‘টিভি উদ্যোগত সন্মান পোৱা নাই। কোনেও ভাল কাম দিবলৈ বিচৰা নাই।’ স্বাভাৱিকতে,  বিগ-বছৰ পৰা জনপ্ৰিয়তা অৰ্জন কৰিলেও সদায় নিজৰ প্ৰচেষ্টাৰে জীৱনৰ বাট বুলিব বিচাৰে বিতৰ্কিত অভিনেত্ৰীগৰাকীয়ে।

তেওঁ লগতে কয়, ‘বিভিন্ন টিভি অনুষ্ঠানসমূহেও মোক তেনেদৰে সন্মান দিয়া নাই। কোনেও মোক কাষ্টিঙৰ বাবে বিচৰা নাই।’ এই সাক্ষাত্‍কাৰটোৰ মাজতে বিভিন্ন কাষ্টিং হাউছৰ বিভিন্ন বিষয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। তেওঁ কয়, ‘বহুতে মোক মোৰ পোছাকক লৈ নানা ধৰণে কটাক্ষ কৰে।’ স্মৰ্তব্য যে,  কেইদিনমান পূৰ্বে কাশ্মীৰা শ্বাহ আৰু ফাৰাহ খান আলীয়ে উৰ্ফি জাভেদৰ ফেশ্বন চেঞ্চক লৈ সমালোচনা কৰিছিল।  ‌দিনদিয়েক আগেয়ে পৰ্ণ ছবিত অভিনয়ৰ প্ৰস্তাৱো আহিছিল অভিনেত্ৰীগৰাকীলৈ। নিঃসন্দেহে পোছাকেই যে উৰ্ফিৰ জীৱনৰ হেঙাৰ হৈ দেখা দিছে সেয়া সহজে অনুমেয়। অভিনেত্ৰীগৰাকীয়েও এই কথা উপলব্ধি কৰা বুলি এতিয়া মনে ধৰিছে চলচ্চিত্ৰপ্ৰেমীৰো।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?