--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰায়বোৰ অঞ্চলত বৰ্তমান তীব্ৰ গৰম পৰিছে৷ বহু চহৰত দিনটোৰ উষ্ণতা ৪৫ ডিগ্ৰী চেলছিয়াছৰ ওপৰলৈ গৈছে। ৰ’দ আৰু ঘামৰ আতিশয্যত মানুহে নিজকে হাইড্ৰেটেড কৰি ৰাখিবলৈ সতেজ আৰু ৰসাল ফল সেৱন কৰে। গৰমকালিত তৰমুজ সকলোৰে মাজত অতি জনপ্ৰিয় কাৰণ এই ফলত ৯০ শতাংশতকৈ অধিক পানী থাকে। তৰমুজ খাই দেহা-মন শাঁত পেলাব পাৰি। 

বজাৰৰ পৰা কিনি তৰমুজ আকাৰত বহুত ডাঙৰ হয় আৰু এবাৰতে খাবলৈ টান হয় সেয়ে আমি ফ্ৰীজত থৈ দিওঁ যাতে তৰমুজটো বহুদিন সতেজ হৈ থাকে কিন্তু তৰমুজ কাটি ফ্ৰীজত ৰখাটো ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে। 


তৰমুজ ফ্ৰীজত ৰাখিলে ভিটামিন এ, ভিটামিন চি, লাইকোপিন আৰু চিট্ৰুলিন আদি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদানৰ পৰিমাণ কমি যায়। লগতে যদি ইয়াক কাটি ফ্ৰীজত ৰখা হয় তেন্তে ইয়াৰ ছুগাৰৰ পৰিমাণ বহুত বাঢ়ি যায়, যাৰ বাবে ইয়াৰ সংক্ৰমণ হ’ব পাৰে আৰু ইয়াক খোৱাৰ ফলত খাদ্য বিষক্ৰিয়া হ’ব পাৰে। সেয়ে তৰমুজ সতেজকৈ খোৱা ভাল। তৰমুজৰ খোলা শক্তিশালী আৰু ডাঠ হোৱাৰ বাবে ফ্ৰীজত ৰখাৰ প্ৰয়োজন নাই, যাৰ ফলত এই ফল সোনকালে নষ্ট নহয়। 

ফ্ৰীজত ৰখা তৰমুজ খালে কি সমস্যা হয়?

১) ঠাণ্ডা তৰমুজ খালে ফলৰ পুষ্টিগুণ কমি যায়।

২) তৰমুজ ফ্ৰীজত ৰাখিলে কাহ আৰু চৰ্দি হ’ব পাৰে।

৩) কাটি থোৱা ঠাণ্ডা তৰমুজ খাদ্যৰ বিষক্ৰিয়াৰ কাৰণ হ’ব পাৰে।

৪) তৰমুজত থকা বেক্টেৰিয়াই অন্ত্ৰৰ ক্ষতি কৰিব পাৰে।

৫) এনেদৰে তৰমুজ খালে পেটৰ বিষ হব পাৰে।

তৰমুজ আমাৰ স্বাস্থ্যৰ বাবে প্ৰকৃতিৰ এক ডাঙৰ আশীৰ্বাদ। ইয়াত পটাছিয়াম, মেগনেছিয়াম, ভিটামিন এ, ভিটামিন বি ৬ আৰু ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে। তৰমুজত সৰ্বাধিক পৰিমাণে লাইকোপেন পোৱা যায় যিয়ে শৰীৰত তেজ বৃদ্ধি কৰাৰ কাম কৰে। কেৱল এয়াই নহয় এই ফলে কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। গতিকে তৰমুজ খাওতে সতেজকৈ খাওক আৰু সুস্থ থাকক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?