--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমেৰিকাৰ ৰাষ্ট্ৰ পতি ড'নাল্ড ট্রাম্পে সোমবাৰে স্বাক্ষৰ কৰা এক কাৰ্যকৰী নির্দেশে সকাহ দিলে ভাৰতৰ উদ্যোগপতি গৌতম আদানিক। ট্রাম্পে সোমবাৰে নির্দেশযোগে আমেৰিকাৰ এখন আইন 'ফৰেইন কৰাপ্ট প্রেকটিচেছ এক্ট' (এফ চি পি এ) কাৰ্যকৰীকৰণ সাময়িকভাৱে স্থগিত ৰাখিছে। এই আইনখনৰ অধীনত আমেৰিকাৰ ব্যৱসায়ীয়ে বিদেশী বিষয়াক উৎকোচ দিয়াটো অপৰাধ। 

উল্লেখযোগ্য যে এইখন আইনৰ অধীনতে ভাৰতৰ উদ্যোগপতি গৌতম আদানিৰ বিৰুদ্ধে আমেৰিকাত গোচৰ ৰুজু হৈছিল। ভাৰতত পুনৰ নৱীকৰণ শক্তি প্রকল্প পাবলৈ আদানিৰ কোম্পানীয়ে চৰকাৰী বিষয়াক উৎকোচ দিয়াৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন হৈছিল। অভিযোগ মতে আদানিৰ কোম্পানীয়ে চৰকাৰী বিষয়াক ২৫০ মিলিয়ন ডলাৰ অৰ্থাৎ ২,০২৯ কোটি টকা উৎকোচ দিয়াৰ ষড়যন্ত্ৰ কৰিছিল।

 এই ঘটনাটোত আদানি গ্ৰুপৰ আদানি গ্রীন এনার্জি লিমিটেড আৰু আন এটা কোম্পানী জড়িত আছিল। ২০২৪ চনৰ ২৪ অক্টোবৰত নিউয়ৰ্কৰ ফেডাৰেল আদালতত এই গোচৰ ৰুজু হৈছিল। এই নিৰ্দেশত স্বাক্ষৰ কৰি ট্রাম্পে কয় যে উক্ত আইনখনে আমেৰিকাৰ কোম্পানীবোৰক বিশ্ব বজাৰৰ প্রতিযোগিতাত অসুবিধা দিছে। তদুপৰি, ট্রাম্পে নতুনকৈ নিযুক্ত এটর্নি জেনেৰেল পেম বণ্ডিক তাৎক্ষণিকভাৱে এফ চি চি এৰ অধীনত লোৱা কাৰ্যব্যৱস্থা বন্ধ কৰিবলৈও নির্দেশ দিয়ে। 

এইবোৰৰ ভিতৰত আছে আমেৰিকাৰ ন্যায় বিভাগে (ডি অ' জে) অন্য দেশত ব্যৱসায় লাভ কৰিবলৈ সেই দেশৰ চৰকাৰী বিষয়াক উৎকোচ দিয়াৰ অভিযোগত অভিযুক্ত কৰা আমেৰিকাৰ নাগৰিক আৰু কোম্পানী। তেওঁ কয় যে এই আইনখন তাত্ত্বিকভাৱেহে ভাল যেন লাগে, কিন্তু বাস্তৱত ই হৈছে দুর্যোগ। ট্রাম্পৰ এই নির্দেশে এতিয়া সকাহ দিলে আদানিক। মন কৰিবলগীয়া যে মোদীৰ আমেৰিকা ভ্ৰমণৰ দুদিন আগতে ট্রাম্পে উক্ত নিৰ্দেশত স্বাক্ষৰ কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?