--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ ৰাজনীতিত ৰাজনৈতিক নেতাসকলৰ দল বাগৰাৰ প্ৰৱনতা স্বাভাৱিক । দেওবাৰে  তৃণমূল কংগ্ৰেছ ত্যাগ কৰি একালৰ প্ৰভাৱশালী কংগ্ৰেছ নেতা ৰিপুণ বৰাই পুনৰ কংগ্ৰেছত যোগদান কৰিছে বুলি জানিব পৰা গৈছে ।

সময় আৰু ৰাইজৰ আহ্বান মৰ্মে  পুনৰ পুৰণি ঘৰখনলৈ ঘূৰি অহাৰ সিদ্ধান্ত লোৱা বুলি সদৰি কৰি তৃণমূল কংগ্ৰেছ ত্যাগ কৰাৰ  পাছত পুনৰ অসম প্ৰদেশ কংগ্ৰেছত যোগদান কৰে একালৰ দলটোৰ সভাপতি ৰিপুণ বৰাই । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এদিনীয়া কাৰ্যসূচীৰে  আজি মথুৰাপুৰত অনুষ্ঠিত হোৱা বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত   
 এ-আই-চি-চিৰ সম্পাদক জিতেন্দ্ৰ সিঙৰ উপৰিও অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি  ভূপেন বড়া, সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, আৰু বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ উপস্থিতিত আজি কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান  কৰে ৰিপুন বৰুৱাই । 

সংবাদ মাধ্যমেৰে হোৱা কথা-বাৰ্তাত ৰিপুণ বৰাই কয় 'মোৰ পুৰণি ঘৰখনৰ পৰা যি কাৰণতে নহওক কিয়, প্ৰায় আঢ়ৈ বছৰ আঁতৰি আছিলো । কিন্তু  বৰ্তমান সময়ৰ আহ্বান যে  অসম তথা ভাৰতবৰ্ষত  ফেচীবাদী, সাম্প্ৰদায়িকতাবাদী, জনবিৰোধী, দুৰ্নীতিগ্ৰস্ত বিজেপিক উৎখাত কৰাৰ সময় আহি পৰিছে।' বৰাই লগতে কয়  'শেহতীয়া লোকসভা নিৰ্বাচনৰ  'মুড অব্‌ দ্য নেচনে' প্ৰমাণ কৰিছে যে ভাৰতবৰ্ষত বিজেপিক উৎখাত কৰিবলৈ হ'লে যি ৰাজ্যত যি বিৰোধী দল শক্তিশালী সেইৰাজ্যত সেই বিৰোধী দল শক্তিশালী কৰিব লাগিব।' সেয়ে ৰাইজ তথা সময়ৰ আহ্বান, অসমত কেৱল কংগ্ৰেছেহে বিজেপিক উৎখাত কৰিব পাৰিব বুলি  মন্তব্য কৰি  কয় যে বিজেপিক অসমৰ পৰা উৎখাত কৰিবলৈ হ'লে কংগ্ৰেছ দলক শক্তিশালী কৰিবই লাগিব। সেয়ে তৃণমূল কংগ্ৰেছৰ সৈতে থাকি বিজেপিৰ বিৰুদ্ধে মূল যুঁজখন চলাই নিয়া মানে বিৰোধীৰ ভোট বিভাজনহে কৰা বুলি অনুভৱ কৰি এনে প্ৰেক্ষাপটত অসমৰ ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত তৃণমূল কংগ্ৰেছ ত্যাগ কৰি  পুৰণি ঘৰ কংগ্ৰেছ দললৈ ঘূৰি অহা বুলি মন্তব্য কৰে । 

ইয়াৰ আগেয়ে ৰিপুণ বৰাক এ আই চি চিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে গামোচা,চেলেং আৰু জাপিৰে কংগ্ৰেছ দললৈ আদৰণি জনায় । দলত যোগদান কৰি  ৰিপুণ বৰাই কয় 'সময়ৰ আহ্বান মৰ্মে পুনৰ পুৰণি ঘৰলৈ ঘূৰি আহিছোঁ'
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?