--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

কোকৰাঝাৰঃ সমাগত উপ-নিৰ্বাচনক লৈ তৎপৰ হৈছে পাঁচ নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া৷ বিশেষকৈ ২৮ নম্বৰ গোসাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাটো নিশ্চিত বুলি উল্লেখ কৰে সাংসদগৰাকীয়ে৷ তেওঁ কয় যে, বিটিচিত জিএছপি, ইউ পি পি এলৰ আৰু বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ আছে যদিও উক্ত চৰকাৰখনে মিত্ৰজোঁটৰ ধৰ্ম পালন কৰা নাই৷ ভিচিডিচি গঠনত জিএছপিৰ কৰ্মকৰ্তাসকলক প্ৰাধান্য দিয়া নাই বুলি উল্লেখ কৰি সকলো বিৰোধী ঐক্যবদ্ধ হৈ এজন বিধায়কক বিজয়ী কৰি আনিব পাৰিলে সমষ্টিৰ ক্ষীপ্ৰ উন্নয়ন হ’ব বুলি প্ৰকাশ কৰে৷

ইপিনে তেওঁ তৃণমূল কংগ্ৰেছত যোগদান অথবা মিত্ৰতা কৰাৰ ইংগিত দি কয় যে, মমতা বেনাৰ্জী প্ৰধানমন্ত্ৰী হ’লে অসমৰ উন্নয়ন হ’ব৷ বি পি এফ দলৰ সভাপতি হাগ্ৰামা সম্পৰ্কে কয় যে, হাগ্ৰামা মহিলাৰী বিজেপি দলত যোগদানৰ বাহিৰে অন্য পথ নাই৷

নহ’লে জে’ললৈ যাব লাগিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ গো-সুৰক্ষা আইনক লৈ সাংসদগৰাকীয়ে কয় যে, বিশ্বৰ অধিকাংশ লোকে গো-মাংস খায়, তেনে ক্ষেত্ৰত গো-সুৰক্ষাক লৈ আলোচনা কৰাতকৈ অসমৰ নিবনুৱাক সংস্থাপনৰ কথা আলোচনা কৰাটো ভাল হ’ব বুলি সাংসদগৰাকীয়ে প্ৰকাশ কৰে৷ গোসাইগাঁও মহকুমাৰ তেলিপাৰাস্থিত কোকৰাঝাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আলোচনাত গোসাইগাঁও সমষ্টিৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক উপস্থিত থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?