--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একেৰাহে ছটা কাৰ্যকালৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পাছতে ভ্লাদিমিৰ পুটিনে আমেৰিকাকে ধৰি পশ্চিমীয়া বিশ্বক তৃতীয় বিশ্বযুদ্ধৰ বিষয়ে সকীয়াই দিছে। আমেৰিকা নেতৃত্বাধীন পশ্চিমীয়া মিত্ৰজোঁট ‘নাটো’ৰ সৈতে ৰাছিয়াৰ সংঘাতৰ কোনো সম্ভাৱনা আছে নেকি সেই প্ৰশ্নৰ উত্তৰত সোমবাৰে পুটিনে কয় যে আধুনিক বিশ্বত সকলো সম্ভৱ।

এই প্ৰেক্ষাপটত পুটিনে ৰাছিয়াৰ সংবাদ মাধ্যমৰ আগত কয়, “এই ক্ষেত্ৰত আমি যে তৃতীয় বিশ্বযুদ্ধৰ পৰা এখোজ দূৰত থাকিম সেয়া সকলোৰে বাবে স্পষ্ট। মই ভাবো অতি কম সংখ্যক লোকেহে সেইটো বিচাৰিব।" ইউক্ৰেইনত ব্ৰিটিছ আৰু ফ্ৰান্সৰ সৈন্যও যুদ্ধক্ষেত্ৰত আছে বুলি দাবী কৰে পুটিনে। তেওঁ লগতে দাবী কৰে যে ৰাছিয়াৰ সেনাৰ “প্ৰতিৰোধ”ৰ সন্মুখত নাটোৰ বেছিভাগ সৈন্যই মৃত্যুমুখত পৰিছে।

প্ৰসংগক্ৰমে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে পুটিনে পাৰমাণৱিক যুদ্ধৰ সতৰ্কবাণী দিছিল। তেওঁ কয় যে ৰাছিয়া কাৰিকৰী আৰু কৌশলগতভাৱে পাৰমাণৱিক যুদ্ধৰ বাবে সাজু।

এতিয়া জয়ী হৈ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল সম্পূৰ্ণ কৰিলে পুটিনে ৰাছিয়াৰ ২০০ বছৰীয়া ইতিহাসৰ আটাইতকৈ দীৰ্ঘদিনীয়া শাসক হিচাপে পৰিগণিত হ’ব। জোচেফ ষ্টেলিন আৰু লিঅ’নিড ব্ৰেজনেভ একেৰাহে ২৪ বছৰ ক্ষমতাত থকাৰ নজিৰ ভংগ কৰিব। নিজৰ জয়ক বৈধতা প্ৰদান কৰিবলৈ সোমবাৰে পুটিনে ইংগিত দিয়ে যে পশ্চিমৰ বিৰুদ্ধে অস্ত্ৰ তুলি ইউক্ৰেইনলৈ সৈন্য প্ৰেৰণ কৰি তেওঁ একো ভুল কৰা নাই।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?