ডিজিটেল ডেস্কঃ এটাৰ পিছত আনটো বিপৰ্যয়ে লগ এৰা নাই টুইটাৰক৷ টুইটাৰৰ স্বত্বাধিকাৰী ইলন মাস্কে শেহতীয়াকৈ ছিংগাপুৰত টুইটাৰৰ মুখ্য কাৰ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিছিল। অনুমান কৰা হৈছিল যে ইলনে মালিকীস্বত্ব লোৱাৰ পিছত, মাইক্ৰ'ব্লগিং ছাইট টুইটাৰে লাভৰ মুখ দেখা নাই!
সংবাদ সংস্থা ৰয়টাৰৰ মতে টুইটাৰৰ ৰাজহ এবছৰত প্ৰায় ৪০ শতাংশ হ্ৰাস পাইছে! ৰয়টাৰে এই বিষয়ে টুইটো কৰিছে। ইলন মাস্কৰ বৃহৎ ঋণ যিটো পৰিশোধ কৰাৰ কথা আছিল এতিয়াও পৰিশোধ কৰা হোৱা নাই। ইয়াৰ আগতে, টুইটাৰৰ ৰাজহ হ্ৰাস হোৱাৰ বাতৰিক লৈ বহুতো টুইটাৰ কৰ্মচাৰী চিন্তিত হৈ পৰিছে।
ইলনে ছিংগাপুৰত টুইটাৰৰ মুখ্য কাৰ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ লগে লগে নানা আশংকাই গা কৰি উঠিছে। লগতে ছিংগাৰপুৰৰ কৰ্মচাৰীসকলকো ঘৰৰ পৰা কাম কৰিবলৈ নিৰ্দেশ দিয়া হয়। প্ৰশ্ন হয় যে এছিয়াত টুইটাৰৰ মুখ্য কাৰ্যালয় বন্ধ হোৱাৰ পথত আছে নেকি? অৱশ্যে,এইক্ষেত্ৰত টুইটাৰৰ পৰা কোনো ধৰণৰ প্ৰত্যুত্তৰ পোৱা নাই। খৰখেদাকৈ কাৰ্যালয় এৰি যোৱাৰ জাননী দিয়া ফলত বিপদত পৰিছে কৰ্মচাৰীসকলো ৷ ইলনে মালিকীস্বত্ব লোৱাৰ পিছত, মাইক্ৰ'ব্লগিং ছাইটটোৱে লাভ দেখা নাই নেকি? সংবাদ সংস্থাৰ টুইটে প্ৰমাণ কৰে যে এই অনুমান অতি সঁচা।