--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে টুইটাৰে হাজাৰ হাজাৰ কৰ্মচাৰীক কামৰ পৰা অব্যাহতি দিয়াৰ পিছত এইবাৰ এমাজনেও ১৮০০০ কৰ্মচাৰীক কামৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে৷ এমাজনৰ  মুখ্য কাৰ্যবাহী বিষয়া এণ্ডি জেছিয়ে কয় যে অতি শীঘ্ৰে কোম্পানীটোৰ পৰা ১৮০০০ কৰ্মচাৰীক অৱসৰ দিয়া হ’ব৷ 

 ই-কমাৰ্চ কোম্পানীটোৰ সৈতে লাখ লাখ লোক নিয়োজিত হৈ আছে৷ এমাজনৰ  এনে সিদ্ধান্তই মূলতঃ ষ্ট'ৰ আৰু পিএক্সটি (পিপল, এক্সপিৰিয়েঞ্চ, এণ্ড টেকন'লজী,এইচআৰ) ৰ  কৰ্মীসকলক ঘতিগ্ৰস্ত  কৰিব৷  কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া এণ্ডি জেছিয়ে এটা ব্লগ পোষ্টত কয় যে এমাজনে সাধাৰণতে এনে সিদ্ধান্তবোৰ  আভ্যন্তৰীণভাৱে জনায়, যদিও কোম্পানীটোৱে এতিয়া এয়া  ৰাজহুৱা মঞ্চত উপস্থাপন কৰিছে৷   কিয়নো কৰ্মচাৰীসকলে "এই তথ্য লিক কৰিছে।" ছাটাই প্ৰক্ৰিয়াটো ১৮ জানুৱাৰীৰ পৰা আৰম্ভ  হ'ব বুলিও  চিইঅ' জেছিয়ে উল্লেখ কৰিছে৷ 

পোষ্টটোত উল্লেখ কৰা হৈছে যে কোম্পানীটোৱে অব্যাহতি দিয়া কৰ্মচাৰীসকলক উপযুক্ত ক্ষতিপূৰণ আদায় দিহে বিদায় দিব৷ উল্লেখ্য ২০২২ চনৰ নৱেম্বৰত কোম্পানীটোৱে প্ৰায় ১০,০০০ কৰ্মচাৰীক ছাটাই কৰিছিল। যোৱা বছৰৰ শেষৰ ফালে ই-কমাৰ্চ কোম্পানীটোৱে  আনকি এই বছৰত নতুন  নিয়োগো স্থগিত ৰাখিছে। বৰ্ধিত মুদ্ৰাস্ফীতি আৰু অৱনমিত  অৰ্থনীতিৰ বাবেই  ব্যয় হ্ৰাস কৰিবলৈ এনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?