--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এডভান্টেজ আছাম ১.০ আৰু ২.০ৰ জৰিয়তে অসমত উদ্যোগ স্থাপনৰ বাবে উদ্যোগপতিক আমন্ত্রণ জনোৱাৰ সময়তে স্বাধীনতাৰ পূৰ্বৰে পৰা চলি থকা বৃহৎ চাহ কোম্পানী ইটোৰ পাছত সিটো বিক্রী কৰি অসমৰ পৰা আঁতৰি যোৱাৰ কথাই বিশেষ তাৎপর্য বহন কৰিছে। ডুমডুমা ইণ্ডিয়া লিমিটেড, ব্রুকবণ্ড টি লিমিটেড, লিপটন টি লিমিটেড, আছাম ফ্রন্টিয়াৰ টি কোম্পানীৰ দৰে বহুতো বহুজাতিক চাহ কোম্পানীয়ে অসমত ব্যবসায় সামৰি উধাও হোৱাৰ পাছত শেহতীয়াকৈ এ পি জে টি লিমিটেডে অসম এৰাৰ কথা জানিব পৰা গৈছে। 

এডভান্টেজ আছামৰ জৰিয়তে পোৱা অতিৰিক্ত সা-সুবিধাৰ পাছতো এটাৰ পাছত আনটো বৃহৎ চাহ উদ্যোগে অসম এৰাৰ কথাই এডভান্টেজ আছাম ফ্লপ শ্ব' হোৱাৰ কথাহে প্ৰমাণ কৰিছে। উল্লেখযোগ্য যে এনে একোটা বৃহৎ চাহ কোম্পানীয়ে গ্ৰাহকৰ অভাৱত চাহ বাগিচাবোৰ টুকুৰা-টুকুৰকৈ বিক্ৰী কৰিব লগীয়া হৈছে। ১৮৮৯ চনতে স্থাপিত আছাম ফ্রন্টিয়াৰ টি লিমিটেডে কলকাতাৰ উদ্যোগপতি স্বৰাজ পালক চাহ কোম্পানীটো হস্তান্তৰ কৰাৰ পাছত এ পি জে টি লিমিটেড নামেৰে তিনিচুকীয়া জিলাৰ তালাপ চাহ বাগিচত ৰেজিষ্টাৰ্ড অ'ফিচ পাতি সুন্দৰভাৱে ব্যৱসায় চলাই গৈছিল। কিন্তু ১৯৮৫ চনত কলকাতাৰ পৰা অসমলৈ আহোঁতেই আলফাৰ গুলীবর্ষণত তেওঁৰ মৃত্যু হয়। ইয়াৰ পাছতে চাহ উদ্যোগটো অসম-বিৰোধী হৈ পৰা তেওঁৰ পুত্ৰ কৰণ পালৰ হাতলৈ যায়। 

কৰণ পালে সাতশ কোটি টকা ঋণ পৰিশোধ কৰিব নোৱাৰি ৪৪০ কোটি টকা লোকচানৰ বোজা লৈ চাহ কোম্পানীটো চলাই থকাৰ অজুহাত দেখুৱায়। বেংকৰ পৰা সহযোগিতা নোপোৱা বুলি অভিযোগ তুলি চাহ কোম্পানীটোৰ শ্ৰমিক-কর্মচাৰীৰ বোনাছ, দৰমহা আদিকে ধৰি সকলো সুবিধা মোকলাই দিবলৈ সক্ষম নোহোৱা বুলি উল্লেখ কৰিছিল। পৰৱৰ্তী সময়ত কৰণ পালে ২০২২/২৩ চনৰ পৰা এ পি জে টি গ্ৰুপৰ ১৭খন চাহ বাগিচা এখনৰ পাছত এখনকৈ বিক্ৰী কৰি যোৱা ২৩ এপ্রিলত তিনিচুকীয়া জিলাত থকা তালাপ চাহ বাগিচাস্থিত এ পি জে টি লিমিটেডৰ পঞ্জীকৃত কার্যালয়সহ অন্তিমখন তালাপ চাহ বাগিচা অৰুণ ৰয়ক বিক্ৰী কৰিলে। ব্ৰিটিছৰ শাসন কালতে স্থাপিত চাহ উদ্যোগ ইটোৰ পাছত সিটো কোম্পানী অসম এৰি যোৱাৰ কথাই অশনি সংকেত বহন কৰা বুলি সচেতন ৰাইজে মন্তব্য কৰিছে।

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?