--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰত আৰু পাকিস্তানৰ সংঘৰ্ষত তুৰস্কই পাকিস্তানক সহায় কৰাটো প্রমাণিত হোৱাৰ পাছত সকলো ভাৰতীয়ই একমুখে তুৰস্ক আৰু আজাৰবাইজানক বয়কট কৰাৰ দাবী উত্থাপন কৰিছিল। 

ভাৰতৰ শাসক-বিৰোধীৰ লগতে সাধাৰণ জনতাও তুৰস্কৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল। ইয়াৰ পাছতো শেহতীয়াকৈ তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিছেপ তায়ীপ এৰড'গানে পুনৰ পাকিস্তান-প্রীতি প্রদর্শন কৰিছে। তুৰস্কৰ ৰাষ্ট্ৰপতিজনে পাকিস্তানৰ সমৰ্থনত অটল হৈ আছে বুলি মন্তব্য কৰি কয় যে পাকিস্তানৰ প্রধানমন্ত্রী শ্বেহবাজ শ্বৰীফ তেওঁৰ এজন 'মূল্যৱান ভাতৃ'। 

পাকিস্তানৰ প্রধানমন্ত্রী শ্বেহবাজ শ্বৰীফে 'এক্স'যোগে তুৰস্কৰ নেতাজনক পাকিস্তানৰ পক্ষে দিয়া 'শক্তিশালী সমর্থন'ৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ পাছতেই তুৰস্কৰ ৰাষ্ট্ৰপতিজনে এইদৰে মন্তব্য কৰে। শ্বেহবাজ শ্বৰীফে পাকিস্তান আৰু তুৰস্কৰ মাজত 'ভাতৃত্ববোধৰ সম্পর্ক' আছে বুলিও অভিহিত কৰিছিল। শ্বেহবাজ শ্বৰীফে কৈছিল যে তুৰস্কৰ সৈতে থকা দীর্ঘদিনীয়া সম্পৰ্কৰ বাবে তেওঁলোক গৌৰৱান্বিত। আহি থকা দিনবোৰতো দক্ষিণ এছিয়াত শান্তি অনাৰ বাবে ৰাষ্ট্ৰপতি ৰিছেপে গঠনমূলক ভূমিকা ল'ব বুলি শ্বৰীফে মন্তব্য কৰে। ইয়াৰ পাছতেই তুৰস্কৰ ৰাষ্ট্ৰপতি এৰড'গানে কয় যে দুয়োখন দেশৰ মাজত থকা সম্পৰ্কই 'প্রকৃত বন্ধুত্ব'ৰ দৃষ্টান্ত দাঙি ধৰে। পাকিস্তানৰ সৈতে তুৰস্কৰ হৃদয়ৰ সম্পৰ্ক আছে বুলি ৰাষ্ট্ৰপতি এৰড'গানে মন্তব্য কৰে। 

শেহতীয়াকৈ সমগ্র বিশ্বৰ ভাৰতীয়সকলে তুৰস্ক আৰু আজাৰবাইজানক বৰ্জন কৰিবলৈ আহ্বান জনাইছে। ভাৰতৰ 'অপাৰেশ্যন সেন্দূৰ'ৰ সময়ত তুৰস্কই ৰাজহুৱাকৈ পাকিস্তানক সমর্থন জনোৱাৰ পাছত তুৰস্কৰ বিৰুদ্ধে ভাৰতীয়সকল সৰৱ হৈ উঠে। তুৰস্কত নিৰ্মিত আছিছগার্ড ছোনগৰ মডেলৰ ড্ৰ'নসমূহো পাকিস্তানে ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল বুলি ভাৰতীয় উইং কমাণ্ডাৰ ব্যোমিকা সিঙে প্রকাশ কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ ভাৰতে তুৰস্ক, আজাৰবাইজানলৈ সকলো বিমানৰ উৰণ বাতিল কৰিছে। লিক্সিগ' নামৰ এটা ভাৰতীয় ট্রেভেল এজেঞ্চিয়ে তুৰস্ক, আজাৰবাইজান আৰু চীনলৈ সকলো বিমান আৰু হোটেলৰ বুকিং বাতিল কৰিছে।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?