--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ৰাজকোট: ভাৰতীয় ইতিহাসত ‘হৰপ্পা সভ্যতা’ৰ অৱদান অনস্বীকাৰ্য। অগণন ঘটনা-পৰিঘটনাৰ সাক্ষী এই সভ্যতাৰ অন্তৰ্গত বহু পুৰাতাত্ত্বিক স্থানক সময় সাপেক্ষে ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংগঠন তথা ‘UNESCO’-এ মান্যতা প্ৰদান কৰি আহিছে। শেহতীয়াকৈ, গুজৰাটৰ কচ্ছ জিলাত অৱস্থিত হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য পুৰাতাত্ত্বিক স্থান ‘ঢোলাৱীৰা’ক মঙলবাৰে ‘UNESCO’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। ভাৰতৰ সিন্ধু সভ্যতাৰ প্ৰথম স্থান হিচাপে ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে কচ্ছ জিলা।
চীনৰ ফুঝৌত অনুষ্ঠিত ‘UNESCO’ৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৪ সংখ্যক অধিৱেশনত গ্ৰহণ কৰা সিদ্ধান্তত তেলেংগানাৰ ৰামাপ্পা নামে জনাজাত কাকতীয়া ৰুদ্ৰেশ্বৰ মন্দিৰটিকো তালিকাখনত লিপিবদ্ধ কৰা হৈছে। ‘চম্পানেৰ’, ‘ৰাণী কি ৱাব’ আৰু ‘আহম-এডাবাদ’ৰ দেৱালযুক্ত চহৰ অঞ্চলৰ পাছত ‘ঢোলাৱীৰা’ গুজৰাটৰ পৰা অনুমোদন লাভ কৰা চতুৰ্থ স্থানৰূপে বিবেচিত হৈছে।


‘UNESCO’ৰ পৰা প্ৰকাশিত বিজ্ঞপ্তিত ‘ঢোলাৱীৰা’ক প্ৰাচীন চহৰ হিচাপে বৰ্ণনা কৰা হৈছে। যিখন চহৰ দক্ষিণ এছিয়াৰ তৃতীয়ৰ পৰা দ্বিতীয় সহস্ৰাব্দৰ মাজভাগলৈ আটাইতকৈ উল্লেখযোগ্য আৰু সু-সংৰক্ষিত নগৰীয় বসতিসমূহৰ ভিতৰত উল্লেখযোগ্য । ‘UNESCO’ৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তত স্বাভাৱিকতে উত্ফু্ল্লিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। টুইটাৰযোগে তেওঁ সদৰী কৰে যে, ‘এই বাতৰিটোত মই সম্পূৰ্ণৰূপে আনন্দিত। ঢোলাৱীৰা এটা গুৰুত্বপূৰ্ণ নগৰীয় কেন্দ্ৰ আছিল আৰু আমাৰ অতীতৰ সৈতে আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পৰ্ক থকা ঐতিহ্যক্ষেত্ৰ। বিশেষকৈ ইতিহাস, সংস্কৃতি আৰু পুৰাতত্ত্বৰ প্ৰতি আগ্ৰহীসকলে ঠাইডোখৰলৈ ভ্ৰমণৰ বাবে অহাতো প্ৰয়োজনীয়।’ উল্লেখ্য যে, নৰেন্দ্ৰ মোদীয়ে ছাত্ৰাৱস্থাতে এই স্থান পৰিদৰ্শন কৰিছিল আৰু ঠাইখনৰ সৌন্দৰ্যত বিমুগ্ধ হৈ পৰিছিল। তেওঁ লগতে কয়, ‘গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে মই ‘ঢোলাৱীৰা’ৰ ঐতিহ্য সংৰক্ষণ আৰু পুনৰুদ্ধাৰ সম্পৰ্কীয় দিশসমূহৰ ওপৰত কাম কৰাৰ সুযোগ পাইছিলো। আমাৰ দলটোৱে তাত পৰ্যটন-অনুকূল আন্তঃগাঁথনি নিৰ্মাণৰ বাবেও কাম কৰিছিল।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?