--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমত অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনৰ প্ৰৰ্থীৰ তালিকা ঘোষনা কৰিলে কেংগ্ৰেছ,বজেপিয়ে৷ উপনিৰ্বাচনৰ প্ৰস্তুতিত নামি পৰিছে আম আদমী পাৰ্টি৷ সেই উদ্দেশ্যে ২২ অক্টোবৰ গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা।

সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত গঠিত নতুন ৰাজ্যিক কমিটীৰ প্ৰথমখন কাৰ্যনিৰ্বাহকত ৰাজ্যৰ সমাগত উপ নিৰ্বাচনৰ লগতে অহা ডিচেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনক লৈ চৰ্চা হ'ব বুলি জানিবলা দিছে। ৰাজ্যৰ ৫ টাকৈ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত 'আপে' গ্ৰহণ কৰিবলগীয়া স্থিতি সন্দৰ্ভত কাৰ্যনিৰ্বাহকত পৰ্যালোচনা হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে। 

ইতিমধ্যে চামগুৰি বিধান সভা সমষ্টিত 'আপ'ৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে দলৰ এগৰাকী জ্যেষ্ঠ নেত্ৰী চুমি বৰাই। কাৰ্যনিৰ্বাহক বৈঠকত এই সন্দৰ্ভতো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। তদুপৰি, ৰাজ্যৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি, অত্যাৱশকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি, চিকিৎসা সেৱাৰ নামত চৰকাৰী হাস্পতাল সমূহত ৰোগীৰ ওপৰত মাধমাৰ, ৰাজ্যৰ শিক্ষাখণ্ডত পৰিলক্ষিত অচলাৱস্থাৰ দৰে জ্বলন্ত সমস্যা সমূহৰ সমাধানৰ হকে দলৰ ৰণকৌশল নিৰ্ধাৰণ কৰিবলৈ কাৰ্যনিৰ্বাহক সভাই সিদ্ধান্ত গ্ৰহণ কৰিব। এনে প্ৰেক্ষাপটতেই ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত গঠিত নতুন কাৰ্যনিৰ্বাহকৰ প্ৰথমখন বৈঠক বিভিন্ন দিশৰ পৰাই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব বুলি আশা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?