--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাঁচখন মেচৰ টি-২০ শৃংখলাৰ আৰম্ভণিতে পৰাস্ত হৈছে ঋষভ পন্থৰ টীম ইণ্ডিয়া। কটকৰ বাৰাবাটি ষ্টেডিয়ামত অনুষ্ঠিত হৈছে দ্বিতীয়খন টি-২০। প্ৰথমখন মেচত ২১১ ৰান কৰিও পৰাস্ত হৈছিল ভাৰত।  বেটছমেনসকলে ভাল প্ৰদৰ্শন কৰিলেও, ব্যৰ্থ হৈছিল ভাৰতীয় বলাৰসকল। আজি পেচ বলাৰসকলৰ ভিতৰত ভুৱনেশ্বৰ কুমাৰ, হৰ্ষল পেটেলৰ সৈতে খেলিব আৱেশ খানে। কিন্তু মূল একাদশত স্থান নাপালে উমৰাণ মালিকে।

আইপিএলত ভাল প্ৰদৰ্শন কৰাৰ পিছতে জাতীয় দলত স্থান লাভ কৰিছে উমৰাণ মালিকে। প্ৰথমখন মেচৰ পূৰ্বে উমৰাণক লৈ ক্ৰীড়ানুৰাগীৰ প্ৰত্যাশা আছিল দৃষ্টিনন্দন। ক্ৰিকেট অনুৰাগীৰ উপৰি সাধাৰণ সমৰ্থকসকলেও ভাৰতীয় জাৰ্ছীত এগজন কাশ্মীৰী যুৱ বলাৰক মূল একাদশত চাবলৈ ৰৈ আছিল। দ্বিতীয়খন টি-২০ মেচত উমৰানে সুযোগ পাবনে? তাক লৈয়ো হৈছিল চৰ্চা, উঠিছিল প্ৰশ্ন। উমৰাণ সন্দৰ্ভত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৱাছিম জাফৰে মুকলি মন্তব্য কৰা দেখা গ’ল। একপ্ৰকাৰ ৱাছিম জাফৰৰ ভৱিষ্যদ্বাণীয়েই যেন আখৰে আখৰে ফলিয়ালে।

এক সাক্ষাৎকাৰত জাফৰে কৈছিল, ‘মই ভাবো প্ৰথমখন মেচৰ  দল সলনি কৰাটোৱেই ভাল হ'ব। এটা দল ধৰি ৰখাই ভাল। যদিও এয়া পাঁচখন মেচৰ শৃংখলা। উমৰাণৰ অৱশ্যে পৰৱৰ্তী মেচত খেলাৰ সুযোগ থাকিব। কটকত দলত কোনো পৰিৱৰ্তন হ’ব বুলি মই আশা দেখা নাই।’

সদ্যসমাপ্ত আইপিএলত উমৰাণে ২২টা উইকেট দখল কৰিছে। আইপিএলৰ চতুৰ্থ সৰ্বাধিক উইকেট দখল কৰা খেলুৱৈ হিচাপেও পৰিগণিত হৈছে তেওঁ। ইয়াৰ লগতে উমৰাণৰ আন এক পৰিচয় হৈছে তেওঁৰ বলৰ দ্যুতি। পৰৱৰ্তী শৃংখলাত বল হাতত হৈ ২২গজৰ ক্ৰীজত ধুমুহা তুলিব নে নাই সেয়া সময়ে ক’ব!
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?