--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ফ্লিপকাৰ্ট, এমাজন, মীশ্বো আৰু স্নেপডিলৰ দৰে আগশাৰীৰ ই-কমাৰ্চ পৰ্টেলসমূহে বাৰ্ষিক উৎসৱমুখৰ ঋতুৰ বিক্ৰী আৰম্ভ কৰিছে। শেহতীয়াকৈ ই-কমাৰ্চ প্ৰতিষ্ঠান ফ্লিপকাৰ্টে  কয় যে তেওঁলোকৰ প্লেটফৰ্মৰ উৎসৱমুখৰ ঋতুৰ বিক্ৰীৰ প্ৰথম দিনটোত প্ৰতি ছেকেণ্ডত ১৬ লাখ সমকালীন ব্যৱহাৰকাৰী দেখা গৈছে।

প্ৰকৃত বিক্ৰীৰ সংখ্যা প্ৰকাশ নকৰাকৈয়ে ফ্লিপকাৰ্টে কয় যে ‘দ্য বিগ বিলিয়ন ডেজ (টিবিবিডি)’ বিক্ৰীৰ প্ৰাৰম্ভিক ধাৰাসমূহে ইংগিত দিয়ে যে উৎসৱমুখৰ বজাৰ কৰাৰ প্ৰতি সামগ্ৰিকভাৱে গ্ৰাহকৰ আৱেগ অতি ইতিবাচক।

লেপটপ, স্মাৰ্টৱাচৰ দৰে শিতানত সৰ্বাধিক চাহিদা দেখা পোৱাৰ বিপৰীতে মেকআপ আৰু সুগন্ধি শিতানতো অধিক ট্ৰেকচন দেখা গৈছিল।ফ্লিপকাৰ্টত গেলামালৰ সামগ্ৰী ক্ৰয় কৰা গ্ৰাহকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে বুলি কোম্পানীটোৱে জনায়।

"টিবিবিডি ২০২২ত এপটোত অভূতপূৰ্ব সংখ্যক সমকালীন ব্যৱহাৰকাৰীৰ সাক্ষী হৈছিল - প্ৰতি ছেকেণ্ডত ১৬ লাখ। টিবিবিডি ২০২২ৰ ব্যৱহাৰ কৰা ফ্লিপকাৰ্ট প্লাছৰ গ্ৰাহকৰ সংখ্যা যোৱা বছৰৰ অনুষ্ঠানৰ তুলনাত  বৃদ্ধি দেখিছিল। 

ৱালমাৰ্টৰ মালিকানাধীন প্ৰতিষ্ঠানটোৱে জনোৱা মতে, ইয়াৰ সহজ পেমেণ্ট বিকল্প ফ্লিপকাৰ্ট পে লেটাৰ ইএমআইয়ে ১ম দিনত গ্ৰহণৰ হাৰ ১২ গুণ বৃদ্ধি পাইছে। ফ্লিপকাৰ্টৰ ই-কমাৰ্চ প্লেটফৰ্ম শ্বপ্সিয়ে টায়াৰ-২ চহৰ আৰু ইয়াৰ বাহিৰৰ পৰা গৰিষ্ঠসংখ্যক গ্ৰাহকক আকৰ্ষণ কৰিছিল আৰু শাৰী, পুৰুষৰ টি-চাৰ্ট আৰু হেডফোন আছিল আটাইতকৈ জনপ্ৰিয় সামগ্ৰী। স্প’ৰ্টছ এণ্ড ফিটনেছ শাখাত ফ্লিপকাৰ্টে কোম্পানীটোৱে কয় যে ইভেণ্টৰ প্ৰথম ২৪ ঘণ্টাত প্ৰতি ছেকেণ্ডত এখনকৈ চাইকেল বিক্ৰী কৰা হৈছে।

কোম্পানীটোৱে জনোৱা মতে, নতুন দিল্লী, বেংগালুৰু, হায়দৰাবাদকে ধৰি , হাওৰা, লক্ষ্ণৌ, কলকাতা, চেন্নাই, জয়পুৰ, কৰ্ণাল, পাটনা, ভূৱনেশ্বৰ, বিশাখাপট্টনম, চুৰাট, আগ্ৰা, গাজিয়াবাদকে ধৰি অন্যান্য চহৰৰ পৰা সৰ্বাধিক অৰ্ডাৰ আহিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?