--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আন্তর্জাতিক মহিলা চাইক্লিষ্ট অসম সন্তান চয়নিকা গগৈয়ে উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত সপ্তম দিনা ৰূপৰ পদক অৰ্জন কৰিছে। ৰুদ্ৰপুৰত অনুষ্ঠিত চাইক্লিঙৰ ১০ কিল'মিটাৰ স্কেচ ৰেচ প্রতিযোগিতাত অংশগ্ৰহণ কৰা চয়নিকাই পদক জয়ৰ বেলিকা সময় লৈছিল ২৫:১০:০২ ছেকেণ্ড। এইটো ইভেন্টত কৰ্ণাটকৰ কীৰ্থি ৰাংগাস্বামীয়ে সোণ আৰু হাৰিয়ানাৰ মীনাক্ষিয়ে ব্ৰঞ্জৰ পদক অর্জন কৰিছিল। 

চয়নিকাৰ এই সফলতাৰ জৰিয়তে দেশৰ সৰ্ববৃহৎ ক্রীড়া মহোৎসৱখনত অসমৰ পদকৰ সংখ্যা ১৪টালৈ বৃদ্ধি পালে। বিগত গুজৰাট ৰাষ্ট্ৰীয় ক্রীড়াত চয়নিকাই ইতিপূৰ্বে দুটা ৰূপৰ পদক অর্জন কৰি থৈছে। এছিয়ান চাইক্লিং চেম্পিয়নশ্বিপত পদক জয় কৰা প্রথমগৰাকী অসম সন্তান চয়নিকাই অহা ৫ ফেব্ৰুৱাৰীত পদক জয়ৰ লক্ষ্যৰে ওমনিঅ' ইভেন্টত অৱতীৰ্ণ হ'ব। ইফালে ডেৰাডুনত চলি থকা লনবল ইভেন্টত অসমৰ খেলুৱৈ ছেমি ফাইনেলত প্ৰৱেশ কৰি ছটা পদক জয় নিশ্চিত কৰিছে। আনহাতে, প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বক্সিং ইভেন্টত অৱতীৰ্ণ হোৱা গৌৰৱ মজুমদাৰে পুৰুষৰ ৫১ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এইটো ইভেন্টৰ কোৱাৰ্টাৰ পৰ্যায়ৰ খেলত অসমৰ প্ৰথমগৰাকী অলিম্পিক পদক জয়ী মহিলা বক্সাৰ লাভলীনা বৰগোহাঁয়ে ৭৫ কেজি আৰু পুৰুষৰ ৭১ কেজি শাখাত পুৰুষ বক্সাৰ অভিনৱ শইকীয়াই কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব।

 আনহাতে, বেডমিন্টনৰ মহিলাৰ দলীয় শাখাত ব্ৰঞ্জৰ পদক জয় কৰা অসমৰ খেলুৱৈয়ে পুৰুষৰ ডাবল শাখাৰ কোৱাৰ্টাৰ ফাইনেলত আৰু মহিলাৰ ছিংগলছ শাখাৰ কোৱাৰ্টাৰ ফাইনেলতে অভিযান সামৰে। ইয়াৰে মহিলাৰ শাখাত ঈশাৰাণী বৰুৱা আৰু পুৰুষৰ ডাবলছত অৱতীৰ্ণ হৈছিল সুৰজ গোৱালা আৰু ৰঞ্জন বুঢ়াগোহাঁইৰ যুটি।



উৎসঃ দৈনিক জনমভূমি 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?