--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শুনিবলৈ আচৰিত যেন লাগিলেও এইকথা সত্য যে, ভাৰতৰ ৭১ শতাংশ লোকৰে এতিয়াও স্বাস্থ্যকৰ খাদ্য গ্ৰহণৰ সক্ষমতা নাই। আনহাতে প্ৰতিবছৰে অপুষ্টিজনিত কাৰণৰ সৃষ্টি হোৱাৰ ৰোগৰ চিকাৰ হৈ মৃত্যু হয় ১.৭ নিযুত লোকৰ। এই তথ্য প্ৰকাশ পাইছে শেহতীয়া এক অধ্যয়নত। ‘চেণ্টাৰ ফৰ ছাইন্স এণ্ড এনভাৰমেণ্ট’ চমুকৈ ‘চিএছই’ আৰু ‘ডাউন টু আৰ্থ’ আলোচনীয়ে এই প্ৰতিবেদন প্ৰকাশ কৰিছে।  

 ‘ষ্টেট অব ইণ্ডিয়াজ এনভাৰমেণ্ট-২০২২’ শীৰ্ষক প্ৰতিবেদনখনত কোৱা হৈছে যে, পুষ্টিৰ সৈতে সম্পৰ্কিত বিভিন্ন ৰোগৰ ভিতৰত আছে শ্বাস-প্ৰশ্বাসজনিত ৰোগ, ডায়েবিটিছ, কেনচাৰ, ষ্ট্ৰোক, হৃদ ৰোগ আদি। প্ৰতিবেদনখনত কোৱা হৈছে যে, খাদ্যৰ তালিকাত ফল-মূল কমকৈ থকা, শাক-পাচলিৰ অভাৱ, হোল গ্ৰেইন নথকা, উচ্চ হাৰত সংসাধিত খাদ্য বিশেষকৈ মাংস গ্ৰহণ কৰা, ৰেড মীট বেছিকৈ খোৱা আৰু চেনীযুক্ত পানীয় গ্ৰহণৰ ফলতো বিভন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয়।

 তিবেদনখনত কোৱা হৈছে যে, ৭১ শতাংশ ভাৰতীয়ই স্বাস্থ্যকৰ খাদ্যগ্ৰহণৰ পৰা বঞ্চিত হৈ আছে। স্বাস্থ্যকৰ খাদ্যবঞ্চিত লোকৰ গোলকীয় গড় হাৰ হৈছে ৪২ শতাংশ। ২০২১ চনৰ গ্লোবেল নিউট্ৰিচন ৰিপৰ্টই এই তথ্য প্ৰকাশ পাইছিল। সৰহসংখ্যক ভাৰতীয়ৰে খাদ্যৰ তালিকাত ফলমূল, শাক-পাচলি, মাহজাতীয় খাদ্য, বাদাম আৰু হোল গ্ৰেইন নাথাকে। তাৰ সলনি মাছ, মাংস আৰু গাখীৰজাতীয় বস্তুতে তেওঁলোকৰ খাদ্যৰ তালিকা সীমাবদ্ধ থাকে আৰু বহুতেই সেইখিনিও জোগাৰ কৰিবলৈ অক্ষম।

ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেচন’ৰ মতে যেতিয়া এজন লোকৰ আয়তকৈ স্বাস্থ্যকৰ খাদ্যৰ ব্যয় ৬৩ শতাংশৰ অধিক হয় তেতিয়া লোকজনক এই খাদ্য ক্ৰয়ৰ বাবে অক্ষম বুলি ধৰা হয়। ভাৰতত ২০ বছৰ বা তাৰ ঊৰ্ধ্বৰ এজন লোকে দৈনিক গড়ে মাত্ৰ ৩৫.৮ গ্ৰাম ফল-মূল খাবলৈ পায়। আনহাতে ইয়াৰ নিৰ্ধাৰিত পৰিমাণ হৈছে ২০০ গ্ৰাম। আনহাতে তেওঁলোকে শাক-পাচলি খাবলৈ পায় মাত্ৰ ১৬৮.৭ গ্ৰাম। অথচ ইয়াৰ নিৰ্ধাৰিত পৰিমাণ হৈছে দৈনিক ৩০০ গ্ৰাম।

কেদৰে এনে এজন প্ৰাপ্তবয়স্ক লোকে দৈনিক মাত্ৰ ২৪.৯ গ্ৰাম দাইল বা মাহজাতীয় শস্য আপ ৩.২ গ্ৰাম বাদাম খাবলৈ পায়। প্ৰতিবেদনখন কোৱা হৈছে যে, কিছু উন্নতি ঘটিলেও খাদ্যৰ তালিকা এতিয়াও স্বাস্থ্যকৰ হৈ উঠা নাই সৰহসংখ্যক ভাৰতীয়ৰ বাবে। এইক্ষেত্ৰত মূল্যবৃদ্ধিয়ে বিশেষ প্ৰভাৱ বিস্তাৰ কৰা বুলি প্ৰকাশ কৰা হৈছে।

কেৱল এয়াই নহয়, আন এটা দিশো এইখিনিতে মন কৰিব লাগিব যে, চৰকাৰে দৰিদ্ৰজনৰ বাবে বিনামূলীয়া চাউলৰ যোগান ধৰিছে ঠিকেই কিন্তু স্বাস্থ্যকৰ এসাঁজ খোৱাৰ বাবে বেছিভাগ লোকৰে কোনো সম্বল নাই। এনে পৰিস্থিতিত তেওঁলোক স্বাস্থ্যজনিত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো নিশ্চিত। চৰকাৰে এই পৰিস্থিতিৰ পৰা সৰ্বসাধাৰণত মুক্তি দিবলৈ কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হব। কিয়নো যদিহে স্বাস্থ্যকৰ এসাঁজ খোৱাৰ পৰা সৰ্বসাধাৰণ বঞ্চিত হৈ ৰয়, তেন্তে দেশৰ তথাকথিত প্ৰগতি অৰ্থহীন বুলিহে বিবেচিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?