--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্যয় আয়তকৈ বেছি হ’লে সাধাৰণ মানুহে যেনেকৈ ঋণ ল’ব লগা হয়, তেনেকৈয়ে চৰকাৰেও ঋণ ল’ব লগা হয়। ভাৰত চৰকাৰেও অহা তিনি মাহত অৰ্থাৎ জানুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত ৩ লাখ ৯৪ হাজাৰ টকা সংগ্ৰহ কৰিব লাগিব। এই ধনৰাশি ভাৰত চৰকাৰে ট্ৰেজাৰী বিলৰ জৰিয়তে ঋণ ল’ব। ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা কেলেণ্ডাৰৰ পৰা এই কথা পোহৰলৈ আহিছে। অক্টোবৰ-ডিচেম্বৰৰ ভিতৰত চৰকাৰে ২ লাখ ৪৭ হাজাৰ টকাৰ ঋণ লৈছিল।

একক ত্ৰৈমাসিকত ১ লাখ কোটি টকাৰ ঋণৰ প্ৰয়োজনীয়তা বৃদ্ধি পোৱাটো চাঞ্চল্যকৰ। ইয়াৰ অধীনত ভাৰত চৰকাৰে ৯১ দিনৰ ট্ৰেজাৰী বিলৰ জৰিয়তে ১ লাখ ৬৮ হাজাৰ কোটি টকা, ১৮২ দিনৰ ট্ৰেজাৰী বিলৰ জৰিয়তে ১ লাখ ২৮ হাজাৰ কোটি টকা আৰু ৩৬৪ দিনৰ ট্ৰেজাৰী বিলৰ জৰিয়তে ৯৮ হাজাৰ কোটি টকা সংগ্ৰহ কৰিবলৈ গৈ আছে। এই ট্ৰেজাৰী বিলসমূহ ৰিজাৰ্ভ বেংকে নিলাম কৰিব।

ট্ৰেজাৰী বিলৰ নিলামৰ সময় পৰিৱৰ্তন হ’ব পাৰে

ভাৰত চৰকাৰৰ পৰামৰ্শ মতে ৰিজাৰ্ভ বেংকে ট্ৰেজাৰী বিলৰ নিলামৰ সময় সলনি কৰিব পাৰে। ই কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰিব। ইয়াৰ উপৰিও ৰিজাৰ্ভ বেংকে বজাৰৰ অৱস্থাৰ প্ৰতিও লক্ষ্য ৰাখে। এই সময় ৰাজহুৱাভাৱে ঘোষণা কৰা হয়।

আচলতে ট্ৰেজাৰী বিল কি ?

ট্ৰেজাৰী বিল হৈছে হ্ৰস্বম্যাদী ঋণৰ আহিলা। টাইট লিকুইডিটিৰ ক্ষেত্ৰত ভাৰত চৰকাৰে ট্ৰেজাৰী বিলৰ জৰিয়তে ধন সংগ্ৰহ কৰে। চৰকাৰে ইয়াক হ্ৰস্বম্যাদী ঋণৰ বাবে ব্যৱহাৰ কৰে। ভাৰত চৰকাৰৰ নিশ্চয়তাৰ বাবে ই এক নিৰাপদ বিনিয়োগ আৰু ইয়াৰ যথেষ্ট লিকুইডিটি আছে। ৯১ দিন, ১৮২ দিন আৰু ৩৬৪ দিনৰ বাবে এই সুবিধা উপলব্ধ।

বজাৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰিজাৰ্ভ বেংকে ট্ৰেজাৰী বিল নিলাম কৰে। ৰাজ্য চৰকাৰৰ বাবেও সুযোগ আছে। কেতিয়াবা ইয়াক ৰাজ্যিক উন্নয়ন ঋণ বুলিও কোৱা হয়। ট্ৰেজাৰী বিলৰ পৰা ঋণ লোৱাৰ পৰিকল্পনা চৰকাৰে ত্ৰিমাসিক ভিত্তিত প্ৰস্তুত কৰে। ইয়াৰ কেলেণ্ডাৰ ৰিজাৰ্ভ বেংকে প্ৰস্তুত কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?