ডিজিটেল ডেস্কঃ ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা এয়াৰষ্ট্ৰাইকৰ পাছত পাকিস্তানী সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে পাকিস্তানী বায়ুসেনাইও ভাৰতৰ শ্ৰীনগৰ বায়ু ঘাটিত আক্ৰমণ কৰিছে। এই আক্ৰমণৰ ভিডিঅ’ আৰু ফটোও ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে।
পাকিস্তানৰ ছ’চিয়েল মিডিয়াতো পাকিস্তানে ইণ্ডিয়ান ব্ৰিগেডৰ মুখ্য কাৰ্যালয় ধ্বংস কৰা বুলি দাবী কৰা হৈছে। এই কথা তথ্য পৰীক্ষা কৰাৰ পিছত পিআইবিয়ে সত্য উদঙাই দিছে।
ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ ভিতৰত ১০০ কিলোমিটাৰ প্ৰৱেশ কৰি সন্ত্ৰাসবাদৰ ওপৰত বৃহৎ আঘাত হানিছে। পহলগাম আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে "অপাৰেচন সিন্দুৰ" অভিযান চলাইছে। পাকিস্তানৰ সন্ত্ৰাসবাদী স্থানসমূহক লক্ষ্য কৰি লৈছে ভাৰতে। এই আক্ৰমণৰ বাবে এয়াৰ টু ছাৰ্ফেচ মিছাইল ব্যৱহাৰ কৰা হৈছিল আৰু সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ধ্বংস কৰা হৈছিল।
ভাৰতৰ বিমান আক্ৰমণৰ পিছতে পাকিস্তানে বিয়পাইছে ভুৱা বাতৰি। পাকিস্তানৰ কেইবাটাও ছ’চিয়েল মিডিয়া হেণ্ডলে দাবী কৰিছিল যে পাকিস্তান বায়ুসেনাই শ্ৰীনগৰ এয়াৰবেছত আক্ৰমণ কৰিছে। ইয়াৰ লগতে এটা ভিডিঅ’ আৰু কিছু ফটোও শ্বেয়াৰ কৰা হয়, যিবোৰক ভাৰতত সংঘটিত কৰা কথিত আক্ৰমণৰ প্ৰমাণ হিচাপে আখ্যা দিয়া হৈছে। ইয়াৰ বাহিৰেও পাকিস্তানৰ ছ’চিয়েল মিডিয়াত পাকিস্তানে ইণ্ডিয়ান ব্ৰিগেডৰ মুখ্য কাৰ্যালয় ধ্বংস কৰা বুলি আন এক ভুৱা দাবী উত্থাপন হৈছে।
কিন্তু ভাৰতৰ প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৱে এই দাবী সম্পূৰ্ণৰূপে নাকচ কৰি স্পষ্ট কৰি দিছে যে এই ভিডিঅ’ ভাৰতৰ নহয় আৰু এইটো এটা পুৰণি ভিডিঅ’। পিআইবিয়ে তথ্য পৰীক্ষা কৰি কয় যে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টো ২০২৪ চনত পাকিস্তানৰ খাইবাৰ পখতুনখোৱাত সংঘটিত হোৱা সাম্প্ৰদায়িক হিংসাৰ, যিটো বিকৃত কৰি ভাৰতৰ বুলি কোৱা হৈছে। পিআইবিয়ে তথ্য পৰীক্ষা কৰি কয় যে পাকিস্তানে ইণ্ডিয়ান ব্ৰিগেডৰ মুখ্য কাৰ্যালয় ধ্বংস কৰাৰ খবৰটোও সম্পূৰ্ণ মিছা।
পিআইবিয়ে টুইট কৰি লিখিছে, ‘‘বহু পাকিস্তান সমৰ্থক হেণ্ডলে শ্বেয়াৰ কৰা ভিডিঅ’টোত পাকিস্তানৰ বায়ুসেনাই শ্ৰীনগৰ এয়াৰবেছক লক্ষ্য কৰি লোৱা বুলি মিছাকৈ দাবী কৰা হৈছে। পাকিস্তানে শ্বেয়াৰ কৰা ভিডিঅ'টো পুৰণি আৰু ভাৰতৰ নহয়।এই ভিডিঅ'টো ২০২৪ চনত পাকিস্তানৰ খাইবাৰ পখতুনখোৱাত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ। প্ৰমাণিক তথ্যৰ বাবে ভাৰত চৰকাৰৰ চৰকাৰী উৎসকহে বিশ্বাস কৰক।’’