--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে কৰা কৰ্মকাণ্ডৰ বাবে সততে সংবাদ শিৰোনাম দখল কৰি থাকে৷ গোলকীয় বিশ্বখনত এককভাৱে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম আমেৰিকা যুক্তৰাষ্ট্ৰৰ সকলো দিশৰ প্ৰতি সাধাৰণ মানুহে চকু ৰাখে৷

শেহতীয়াকৈ দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কৰা এক কৰ্মৰ বাবে আকৌ এবাৰ ৰাষ্ট্ৰীয় শিৰোনাম দখল কৰিছে৷ উল্লেখ্য যে, স্কটলেণ্ডৰ গ্লাছ’গত পৰিৱেশ সমন্ধীয় এখন শীৰ্ষ সন্মিলন হৈছিল, য’ত প্ৰায় সংখ্যক ৰাষ্ট্ৰপ্ৰধান, শীৰ্ষ ৰাজনীতিবিদ, পৰিৱেশ বিজ্ঞানীসকলে অংশগ্ৰহণ কৰিছিল৷ সন্মিলনখনত দিনক-দিনে বৃদ্ধি পাই অহা সঘন জলবায়ু পৰিৱৰ্তন, অবাধ গতিত চলি থকা বন ধ্বংসযজ্ঞা কেনেদৰে ৰোধ কৰিব পাৰি তাক লৈ আলোচনা চলি আছিল আৰু সকলো ৰাষ্ট্ৰৰ শীৰ্ষ নেতাসকলে নিজৰ মত ব্যক্ত কৰিছিল৷ সন্মিলনখনৰ মাজভাগতে দুপৰীয়া আহাৰ খোৱাৰ সময় হৈছিল আৰু তেতিয়াই ঘটিছল অঘটনটো৷ আহাৰ গ্ৰহণ কৰাৰ পাছত আকৌ সন্মিলনৰ বাকী থকা অংশ আৰম্ভ হৈছিল আৰু সেই সময়তে ৰাষ্ট্ৰপতি জ’বাইডেনৰ ভাত-ঘুমটি আহিছিল আৰু তেওঁ শুই পৰিছিল৷ ৰাষ্ট্ৰপতি শুই থকাৰ সমগ্ৰ ভিডিঅ’টো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু ইয়াক লৈ এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে৷ অৱশ্যে বাইডেনে কৰা এনে কৰ্ম-কাণ্ড কোনো নতুন নহয়, পূৰ্বতেও তেওঁ বিমানৰ চিৰি বগাওতে বাগৰি পৰা ভিডিঅ’ ইণ্টাৰনেটত ব্যপক চৰ্চা লাভ কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?