--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগামৰ বায়চৰণ ঘাঁহনি পথাৰৰ বিতোপন সৌন্দর্য অতুলনীয়। এই সৌন্দর্য উপভোগ কৰিবলৈকে প্ৰতি বছৰে সহস্রাধিক পৰ্যটকৰ আগমন ঘটে উপত্যকাটোলৈ।

ইউৰোপীয় গাঁৱলীয়া ঠাইসমূহৰ সৈতে সাদৃশ্য থকাৰ বাবে এই বায়চৰণ ঘাঁহনি পথাৰক 'মিনি ছুইজাৰলেণ্ড' বুলিও জনা যায়। ভাৰতৰ এই 'মিনি ছুইজাৰলেণ্ড' মঙলবাৰে মৃত্যু উপত্যকালৈ পৰিণত হ'ল। নিষ্ঠুৰ সন্ত্রাসবাদীৰ গুলীত পৰ্যটকৰ তেজেৰে ৰাঙলী হ'ল বায়চৰণৰ ঘাঁহনি পথাৰ। যিডৰা ঘাঁহনিত পর্যটক উপস্থিত হৈ আনন্দত আত্মহাৰা হৈ পৰে সেইডৰা ঘাঁহনিৰ উপত্যকাতেই পৰ্যটকৰ মৃত্যুৰ কাতৰ ক্ৰন্দন শুনা গ'ল। মঙলবাৰে নিৰ্দয় সন্ত্রাসবাদীয়ে এজন এজনকৈ ২৮জন নিৰীহ পৰ্যটকক হত্যা কৰে। 

উল্লেখযোগ্য যে সমগ্র বিশ্ব কঁপোৱা সন্ত্রাসবাদীৰ এই বৰ্বৰ আক্ৰমণৰ স্থলী পহলগামৰ বায়চৰণ পথাৰতেই কেইবাখনো ভাৰতীয় চিনেমাৰ শ্বুটিং লোৱা হৈছিল। অনন্তনাগ জিলাৰ এই মনোৰম উপত্যকাত শাৰী শাৰী পাইন গছ আৰু বৰফাবৃত শৃংগৰ মনোমোহা দৃশ্যই পৰ্যটকক আকর্ষণ কৰাৰ লগতে ২০১৫ চনত বজৰংগী ভাইজান, জব টক হো জান (২০১২), হাইদৰ (২০১৪), হাইৱে' (২০১৪), বাজী (২০১৮), য়ে জৱানী হ্যে দীৱানী (২০১৩) আদি বলিউডৰ চিনেমাৰ লগতে দক্ষিণৰো কেইবাখনো চিনেমাৰ শ্বুটিং লোৱা হৈছিল মনোমোহা উপত্যকাটোত।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?