--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে পাকিস্তানৰ সৈতে থকা কেইবাদশক পুৰণি সিন্ধু জল চুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰাৰ পাছত প্ৰথম ৰাজহুৱা মন্তব্যত মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এতিয়াৰ পৰা ভাৰতৰ পানী ভাৰততে থাকিব আৰু দেশৰ ভিতৰত ব্যৱহাৰ হ'ব। 

এ বি পি নিউজৰ এটা অনুষ্ঠানত মোদীয়ে কয়, 'আগতে ভাৰতৰ অধিকাৰ থকা পানীও বাহিৰলৈ গৈছিল। এতিয়া ভাৰতৰ পানী ভাৰতৰ বাবে ব'ব, ভাৰতৰ বাবে ৰ'ব আৰু ভাৰতৰ কামত আহিব।' উল্লেখযোগ্য যে বিশ্ব বেংকৰ মধ্যস্থতাত ১৯৬০ চনত পাকিস্তান আৰু ভাৰতে স্বাক্ষৰ কৰা সিন্ধু জল চুক্তি স্থগিত ৰখাৰ কথা ভাৰতে কেইদিনমান আগতে ঘোষণা কৰিছিল। কিন্তু পাকিস্তানৰ পৃষ্ঠপোষকতাপ্রাপ্ত সন্ত্রাসবাদীয়ে পহলগামত আক্রমণ চলাই ২৬জন লোকক হত্যা কৰাৰ পাছতে ভাৰতে উক্ত চুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। 

প্রধানমন্ত্রী মোদীয়ে মঙলবাৰে আৰু কয়, 'দশক দশক জুৰি আমাৰ নদীবোৰৰ পানী বিবাদৰ বিষয় হৈ আছিল। আমাৰ চৰকাৰে নদীবোৰ সংযোগ কৰাৰ বৃহৎ সিদ্ধান্ত গ্রহণ কৰিছে। আজিকালি সংবাদ মাধ্যমতো পানীক লৈ বহু কথা চলি আছে।' কঠোৰ সিদ্ধান্ত গ্রহণত পূৰ্বৰ চৰকাৰবোৰে থেৰো-গেঁৰো কৰা বুলি সমালোচনা কৰি মোদীয়ে কয়, 'এটা সময় আছিল যেতিয়া কোনো অত্যাৱশ্যকীয় পদক্ষেপ গ্রহণ কৰাৰ আগত ভবা হৈছিল বিশ্বই কি ভাবিব... তেওঁলোকে ভাবিছিল তেওঁলোকে ভোেট পাব নে আৰু তেওঁলোকৰ আসন সুৰক্ষিত হৈ থাকিবনে? এইবোৰ কাৰণতে, প্রধান প্রধান সংস্কাৰবোৰ পলম - হৈছিল। কোনো দেশেই এনেদৰে আগ বাঢ়ি যাব নোৱাৰে। দেশ তেতিয়াহে আগ বাঢ়ি যাব, যেতিয়া আমি ৰাষ্ট্ৰক প্রথমত স্থান দিওঁ।'

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?