--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লীঃ তালিবানৰ কাবুল নিয়ন্ত্ৰণে ভাৰত আৰু আফগানিস্তানৰ মাজত বাণিজ্যিক সম্পৰ্কৰ ওপৰত ব্যাপক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা ক্ৰমত অধিক ঘণীভূত হৈছে। দুয়োখন দেশৰ মাজত অৰ্থনৈতিক ভাৰসাম্যহীনতাই বৃহৎ প্ৰত্যাহ্বান হিচাবে থিয় দিয়াৰ আশংকা কৰা হৈছে। উল্লেখ্য যে, দুয়োখন দেশৰ মাজত সামগ্ৰী পৰিবহণৰ বাট বৰ্তমান বন্ধ হৈ আছে। বিগত কিছুদিনৰ পৰা আমদানি-ৰপ্তানি বন্ধ হৈ আছে দেশ দুখনৰ মাজত। ফেডাৰেশ্যন অব্ ইণ্ডিয়ান এক্সপ’ৰ্ট অৰ্গেনাইজেশ্যনে শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে।


কোম্পানীটোৰ সঞ্চালক প্ৰধানে সদৰী কৰে যে, ‘তালিবানে পাকিস্তানত সামগ্ৰী পৰিবহণ কৰা পথটো বন্ধ কৰি দিছে। সেই পথটোৰে আফগানিস্তানৰ পৰা ভাৰতলৈ সামগ্ৰী আমদানি কৰিবলৈ ব্যৱহাৰ কৰিছিল। কিন্তু বিগত কিছুদিনৰ পৰা বন্ধ হৈ আছে পথটি।’ তেওঁ লগতে কয় যে, ‘বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া সম্পৰ্ক চলি আহিছে। আমি এইক্ষেত্ৰত আফগানিস্তানৰ আটাইতকৈ নিৰ্ভৰযোগ্য সহযোগী। ২০২১ চনত, আফগানিস্তানলৈ আমাৰ দেশে ৰপ্তানি কৰিছিল ৮৩.৫ কোটি ডলাৰ। আমি দেশখনৰ পৰা ৫১ কোটি ডলাৰ মূল্যৰ সামগ্ৰী আমদানি কৰিছিলো।’


ইয়াৰোপৰি, ভাৰতে দেশখনৰ সৈতে ৩০০ কোটি ডলাৰ বিনিয়োগ কৰা বুলিও প্ৰকাশ কৰিছে সঞ্চালক প্ৰাধানগৰাকীয়ে। জানিবলৈ পোৱা মতে, চেনী, ঔষধ, কাপোৰ, চাহ, কফি, মচলা, ট্ৰান্সমিটাৰ টাৱাৰৰ দৰে সামগ্ৰী ৰপ্তানি কৰি আহিছে। আনহাতে, শুকান ফলৰ ক্ষেত্ৰতো ভাৰত আফগানিস্তানৰ ওপৰত অতি নিৰ্ভৰশীল। গতিকে, তালিবানী আগ্ৰাসনৰ সমান্তৰালকৈ দেশৰ অৰ্থনৈতিক বিনিয়োগ সম্পৰ্কীয় কথাবোৰে ভৱিষ্যতে কেনেধৰণৰ প্ৰভাৱ পেলায়, সেয়াহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?