--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ক্ষেপণাস্ত্ৰ আৰু ড্ৰ'নেৰে উত্তৰ আৰু পশ্চিম ভাৰতৰ ১৫খন ঠাইত আক্ৰমণ কৰাৰ পাকিস্তানী সেনাৰ এক ষড়যন্ত্ৰক ভাৰতে বিফল কৰে। ৭ মে'ৰ নিশা পাকিস্তানে গুজৰাট, ৪ পিঠিলৈ পঞ্জাব, ৰাজস্থান আৰু জম্মু-কাশ্মীৰৰ উক্ত ১৫খন মহানগৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।

সংবাদ মাধ্যমৰ বাতৰি মতে, উক্ত আক্ৰমণৰ লক্ষ্য আছিল সামৰিক স্থান। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে কয় যে যোৱা নিশা পাকিস্তানী সামৰিক বাহিনীয়ে অৱন্তীপুৰ, শ্রীনগৰ, জম্মু, পাঠানকোট, অমৃতসৰ, কাপুৰথালা, জলন্ধৰ, লুধিয়ানা, আদমপুৰ, ভাটিণ্ডা, চণ্ডীগড়, নাল, ফালোদী, উত্তৰলাই আৰু ভুজত থকা সামৰিক প্রতিষ্ঠানসমূহত আক্ৰমণৰ ষড়যন্ত্ৰ কৰিছিল। ভাৰতৰ ইন্টিগ্রেটেড কাউণ্টাৰ আনমেন্ড এয়াৰক্ৰাফ্ট ছিষ্টেমে (গ্রিড আৰু এয়াৰ ডিফেন্স ছিষ্টেমে) এই ষড়যন্ত্র ব্যর্থ কৰে। এই ব্যৱস্থাই প্রথমতে সফলভাৱে ক্ষেপণাস্ত্ৰবোৰ ধৰা পেলায় আৰু পাছত ধ্বংস কৰে। বিভিন্ন স্থানৰ পৰা উক্ত ক্ষেপণাস্ত্ৰৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে।

ভাৰতীয় বায়ু সেনা বাহিনীৰ ৰাছিয়াত নির্মিত এছ-৪০০ সুদর্শন চক্র এয়াৰ ডিফেন্স ক্ষেপণাস্ত্ৰ ব্যৱস্থাই ৬০০ কিল মিটাৰ দূৰৰ আকাশী ভাবুকিক ধৰা পেলাব পাৰে।

উল্লেখযোগ্য যে ভাৰতে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্রাসবাদীৰ ৯টা স্থানত মঙলবাৰে পিছ নিশা আক্ৰমণ কৰাৰ পাছতে পাকিস্তানে এই আক্ৰমণ সংঘটিত কৰে।


পাকিস্তানৰ আক্ৰমণক ভাৰতে দিয়ে শক্তিশালী প্ৰত্যুত্তৰ।  ভাৰতৰ পৰিকল্পনাত হাহাকাৰ কৰি উঠিল পাকিস্তান।‌ নিশা পাকিস্তানৰ ৮খন চহৰৰ ওপৰত ভাৰতৰ ভয়ংকৰ প্ৰতিশোধ।


দেশত একেলগ হ'ল নৌ‌ সেনা, বায়ুসেনাৰ আৰু স্থলসেনা।  পাকিস্তানৰ ৰাজধানী ইছলামবাদ আৰু কৰাচী বন্দৰত প্ৰায় ১০টা ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন নিক্ষেপ কৰাৰ তথ্য প্ৰকাশ। সাগৰীয় আক্রমণেৰে পাকিস্তানৰ কৰাচী বন্দৰ ধ্বংস কৰিছে। আই এন এছ বিক্ৰান্তৰ ফলত এই ধ্বংসলীলা।


ভাৰতে ক’ত বিফল কৰিলে পাকিস্তানৰ আক্ৰমণৰ চেষ্টা?

শ্ৰীনগৰ – জম্মু-কাশ্মীৰ
জম্মু - জম্মু আৰু কাশ্মীৰ
আৱন্তীপৰা – জম্মু-কাশ্মীৰ
উধমপুৰ – জম্মু-কাশ্মীৰ
পাঠানকোট – পঞ্জাব
অমৃতসৰ - পঞ্জাব
কাপুৰথালা - পঞ্জাব
জলন্ধৰ - পঞ্জাব
লুধিয়ানা - পঞ্জাব
বাথিণ্ডা - পঞ্জাব
আদমপুৰ - পঞ্জাব
জয়ছালমেৰ - ৰাজস্থান
ফালোদী – ৰাজস্থান
উত্তৰলাই- ৰাজস্থান
ভূজ - গুজৰাট

ভাৰতে পাকিস্তানক ক’ত ক'ত ল'লে প্ৰতিশোধ?

ইছলামবাদ
লাহোৰ
ছিয়ালকোট
বাহাৱালপুৰ
কৰাচী
পেছাৱৰ
মুজাফ্ফৰাবাদ
কোটলি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?