--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো পৰিছে। ইয়াৰ ফলত দেশত শীতৰ প্রকোপ হ্রাস পোৱাৰ লগতে স্বাভাৱিক গড় তাপমাত্রাও বৃদ্ধি পাইছে। 

ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আই এম ডি)ৰ মতে এইবাৰ দেশত বসন্ত কাল নাহিবও পাৰে। আই এম ডিৰ সঞ্চালক প্রধান ড° মৃত্যুঞ্জয় মহাপাত্রই কয়, 'ফেব্ৰুৱাৰীৰ শেষৰ সপ্তাহ অর্থাৎ ২০ দিনৰ পাছৰ পৰা তাপমাত্রা ইমান বৃদ্ধি পাব যে গ্ৰীষ্মকালৰ দৰে লাগিব।' 

উল্লেখযোগ্য যে এই বছৰৰ প্ৰথম মাহটো ইতিহাসৰ আটাইতকৈ গৰম জানুৱাৰী আছিল। জানুৱাৰীত দেশত গড় তাপমাত্রা স্বাভাৱিক অৱস্থাতকৈ ১ ডিগ্রী চেলচিয়াছ অর্থাৎ ১৮.০৪ ডিগ্রী চেলচিয়াছ  আছিল।

 জানুৱাৰীত দেশত স্বাভাৱিক অৱস্থাতকৈ ৭০% কম বৰষুণ হয়। সাধাৰণতে ফেব্ৰুৱাৰীৰ মাজভাগৰ পৰা এপ্ৰিলৰ প্ৰথম ভাগলৈকে ৪৫-৬০দিন বৰ বেছি ঠাণ্ডাও নহয় গৰমো নহয়। এইসময়ছোৱাকে বসন্ত কাল বুলি কোৱা হয়। এতিয়া বসন্ত কাল দ্রুতগতিত হ্রাস পাইছে। আনহাতে দেশৰ পাহাৰীয়া অঞ্চলত হিমপাত প্রায় ৮০% পর্যন্ত হ্রাস পাইছে। আই এম ডিৰ মতে, উত্তৰ-পশ্চিমৰ পৰা আৰম্ভ কৰি পূব ভাৰতলৈকে এই বছৰ দেশৰ অধিকাংশতে ফেব্ৰুৱাৰীত বৰষুণৰ পৰিমাণ স্বাভাৱিক অৱস্থাতকৈ ২০% হ্রাস পাব। বৰষুণ কম হোৱাৰ ফলত আর্দ্রতা হ্রাস পাব আৰু ইয়াৰ তাপমান দ্রুতগতিত বৃদ্ধি পাব। সাধাৰণতে দেশত ফেব্ৰুৱাৰীত সর্বোচ্চ তাপমাত্রা ৩০-৩২ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকে। 

এইবাৰ সৰ্বোচ্চ তাপমাত্রা ৩৩-৩৭ ডিগ্রী চেলচিয়াছ পর্যন্ত হোৱাৰ সম্ভাৱনা আছে বুলি আই এম ডিয়ে প্রকাশ কৰে।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?