--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত বৰ্ষত ডি গুকেশে বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰি ভাৰতৰ দবা খেলৰ ক্ষেত্ৰত এক স্বৰ্ণিল অধ্যায় সৃষ্টি কৰিছিল৷ আন এগৰাকী ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ আৰ প্ৰজ্ঞানন্দই তেওঁক পৰাস্ত কৰি টাটা ষ্টীল মাষ্টাৰছৰ খিতাপ দখল কৰি আন এক সাফল্যৰ কাহিনী লিখে। বিশ্ব চেম্পিয়ন ডি গুকেশক পৰস্ত কৰি আৰ প্ৰজ্ঞানন্দই এই খিতাপ নিজৰ নামত কৰে৷

নেদাৰলেণ্ডত অনুষ্ঠিত এই প্ৰতিযোগিতাত ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ আৰ প্ৰজ্ঞানন্দই টাই ব্ৰেকত বিশ্ব চেম্পিয়ন গুকেশক ২-১ পইণ্টত পৰাস্ত কৰি প্ৰজ্ঞানন্দই টাটা ষ্টীল মাষ্টাৰছৰ খিতাপ দখল কৰি ২০০৬ চনৰ পিছত এই প্ৰতিযোগিতাত জয়ী হোৱা প্ৰথমজন ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে কিংবদন্তি দবা খেলুৱৈ বিশ্বনাথন আনন্দই এই খিতাপ দখল কৰিছিল।

উল্লেখযোগ্য যে নেদাৰলেণ্ডত অনুষ্ঠিত টাটা ষ্টীল মাষ্টাৰছ প্ৰতিযোগিতাত ১৪ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল৷ ৰাউণ্ড ৰবিন ফৰ্মেটত অনুষ্ঠিত এই প্ৰতিযোগিতা  ত্ৰয়োদশ ৰাউণ্ডৰ পিছত গুকেশ আৰু প্ৰজ্ঞানন্দই সমতা স্থাপন কৰে। দুয়োজনে ক্লাছিক খেলখনত পৰাস্ত হৈ ৮.৫ পইণ্টত সমতা স্থাপন কৰে। গুকেশে অৰ্জুন এৰিগেছিৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হোৱাৰ পৰিৱৰ্তে প্ৰজ্ঞানন্দক পৰাস্ত কৰে ভিনচেণ্ট কেমাৰে। ইয়াৰ ফলত মেচখন টাইব্ৰেকাৰত পৰিণত হোৱাত দুয়োগৰাকী ভাৰতীয় গ্ৰেণ্ড গ্ৰেণ্ডমাষ্টাৰ মাজত চূড়ান্ত ৰাউণ্ড অনুষ্ঠিত হয়৷

বিশ্ব চেম্পিয়ন হোৱাৰ পিছত প্ৰতিখন প্ৰতিযোগিতাতে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই আহিছে ডি গুকেশে। আৰু এই প্ৰতিযোগিতাতো তেওঁ চূড়ান্ত ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হয়।যদিও তেওঁ জয়ী হ’ব সকলোৱে আশা কৰিছিল যদিও প্ৰজ্ঞানন্দ জয়ী হয়৷ আনহাতে, ভিয়েটনামৰ থাই দাই ভান নুয়েনে টাটা চেলেঞ্জাৰছ ২০২৫ৰ খিতাপ দখল কৰে। ইয়াৰ উপৰিও এই প্ৰতিযোগিতাত প্ৰজ্ঞানন্দৰ ভগ্নী গ্ৰেণ্ডমাষ্টাৰ জি বৈশালীয়ে নৱম স্থান লাভ কৰাৰ বিপৰীতে দিব্য দেশমুখে দ্বাদশ স্থান লাভ কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?