--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অন্ত পৰা নাই চীন-ভাৰতৰ সীমা বিবাদ৷ দুই চুবুৰীয়া ৰাষ্ট্ৰৰ সীমা বিবাদে সীমান্তৱৰ্তী অঞ্চলত সংঘাত সৃষ্টি কৰি অহা কথাটো কোনো নতুন কথা নহয়৷ পুনৰ শেহতীয়াকৈ ভাৰত-চীন সীমান্তত দেখা গৈছে তীব্ৰ উত্তেজনা৷ পূব লাডাখৰ LACত আকৌ এবাৰ চীনা সৈনিকে ৰচিছে গোপন অভিসন্ধি৷ যাক লৈ পুনৰবাৰ তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোতে৷ 

গালৱানত ভাৰতীয় বীৰ সৈনিকৰ পৰা এসেকা পোৱা চীনা সেনাই এইবাৰ পোনপটীয়াকৈ ভাৰতীয় সৈনিকৰে সংঘাতত লিপ্ত হোৱাৰ বিপৰীতে লৈছে আওপকীয়া ৰাস্তা৷ যিকোনো প্ৰকাৰে LACত উত্তেজনা অব্যাহত ৰখাৰ বাবে ৰঙাচীনে ৰচিছে নতুন অভিসন্ধি৷ যাৰবাবে চীনা সৈনিকে এইবাৰ টাৰ্গেট কৰি লৈছে লাডাখৰ স্থানীয় বাসিন্দাক৷

শেহতীয়াকৈ ভাৰতীয় এলেকাত লাডাখৰ ভেড়া পালকক বাধা প্ৰদান কৰিছে আগ্ৰাসী চীনা সৈনিকে৷ ভাৰতৰ নিয়ন্ত্ৰণত থকা অঞ্চলটোৰ পৰা বলপূৰ্বকভাৱে ভাৰতীয় ভেড়া পালকক আঁতৰাই পঠিওৱাৰ অপচেষ্টা কৰিছে চীনা সৈনিকে৷ কিন্তু চীনা সৈনিকক উভতি ধৰিলে লাডাখৰ ভেড়া পালকে৷ ভাৰতৰ এলেকাৰ পৰা আঁতৰি নাযাবলৈ চীনা সৈনিকক ফেপেৰি পাতি ধৰিছে লাডাখৰ ভেড়া পালকে৷ পূব লাডাখৰ LACৰ সমীপত সংঘটিত হৈছে এই ঘটনা৷

চীনা সৈনিকৰে ভেড়া পালকৰ সংঘাতৰ কিছুমান দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত৷ কিন্তু, ভাৰতৰ ভেড়া পালকসকলৰ প্ৰতিৰোধৰ বাবেই ভাৰতীয় এলেকাৰ পৰা আঁতৰি যাবলৈ বাধ্য হ’ল আগ্ৰাসী চীনা সৈনিক৷ গালৱানৰ সংঘৰ্ষৰ পাছত LACত প্ৰথমবাৰলৈ সংঘটিত হৈছে এনে ঘটনা৷ 

২০২০ৰ ১৫ জুনত লাডাখৰ গালৱানত হৈছিল ভাৰত-চীন সৈনিকৰ ভয়ংকৰ সংঘাত৷ য’ত শ্বহীদ হৈছিল ২০জনকৈ ভাৰতীয় জোৱান৷ আনহাতে ৪০ জনৰো অধিক চীনা সৈনিকে প্ৰাণ হেৰুৱাইছিল সেই সংঘৰ্ষত৷ গালৱানৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত ৪ দশক পাছত LACত সংঘটিত হৈছিল গুলীচালনাৰ দৰে ঘটনা৷ তাৰপাছতে প্ৰতিদিনেই চীনে ৰচনা কৰি আহিছে নতুন নতুন গোপন অভিসন্ধি৷ ভাৰতৰ ভূমি আগ্ৰাসনৰ বাবে এনেদৰেই এইবাৰ চীনে টাৰ্গেট কৰি ল’লে লাডাখৰ স্থানীয় বাসিন্দাক৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?