--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: : ২৭ বছৰৰ পাছত দিল্লী কেন্দ্রীয় শাসিত অঞ্চলৰ বিধানসভাত বিজেপিয়ে একক
সংখ্যাগৰিষ্ঠতা লাভ কৰিলে। শনিবাৰে ঘোষণা কৰা দিল্লী বিধানসভাৰ নিৰ্বাচনৰ ফলাফলত ৭০খন আসনৰ ভিতৰত বিজেপিয়ে লাভ কৰে ৪৮ আৰু আম আদমি পার্টিয়ে (আপ) লাভ কৰে ২২খন আসন। 

কংগ্ৰেছে তৃতীয়বাৰৰ বাবে এখনো আসন লাভ কৰিব নোৱাৰিলে। এই নির্বাচনত কংগ্ৰেছ আৰু আপে ৭০খন তথা বিজেপিয়ে ৬৮টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিছিল। যোৱাবাৰতকৈ বিজেপিয়ে ৪০খন বেছি আসন লাভ কৰাৰ বিপৰীতে আপে ৪০খন আসন হেৰুৱায়। আপৰ ভোটৰ অংশ ২০২০ চনৰ নিৰ্বাচনৰ ৫৩.৫৭ শতাংশৰ পৰা ১০ শতাংশ হ্রাস পাই ৪৩.৫৭ শতাংশ হয়। আনহাতে বিজেপিৰ ভোটৰ অংশ ৩৮.৫১ শতাংশৰ পৰা ৭ শতাংশ বৃদ্ধি পাই ৪৫.৫৬ শতাংশ হয়। ইফালে তৃতীয়বাৰৰ বাবে এখনো আসন লাভ নকৰা তথা এইবাৰ ৬৭টা সমষ্টিত আমানতৰ ধন হেৰুওৱা কংগ্ৰেছৰ ভোটৰ অংশ ২.১ শতাংশ বৃদ্ধি পাইছে।

২০২০ৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ অংশ আছিল ৪.৩ শতাংশ আৰু এইবাৰ ই ৬.৩৪ শতাংশলৈ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে বিজেপিয়ে ১৯৯৩ চনত ৪৯খন আসন অর্থাৎ দুই তৃতীয়াংশ আসন লাভ কৰিছিল। তেওঁলোকৰ পাঁচবছৰৰ শাসন কালত মদনলাল খুৰানা, চাহিব সিং বার্মা আৰু সুষমা স্বৰাজ মুখ্যমন্ত্রী হৈছিল। ১৯৯৮ চনৰ পাছত দিল্লীত ১৫ বছৰ কংগ্ৰেছে শাসন কৰে।ইয়াৰ পাছত ২০১৩ চনত আহে আম আদমি পাৰ্টিৰ চৰকাৰ।

(উৎস দৈনিক জনমভূমি)



FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?