--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  শ্রীলংকাত এই মাহৰ শেষৰফালে হ'ব লগীয়া ত্রিদলীয় মহিলা এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলৰ অধিনায়িকা হিচাপে প্রত্যাৱর্তন ঘটিছে তাৰকা বেটাৰ হৰমনপ্রীত কৌৰৰ। 

জানুৱাৰীত আয়াৰলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত হৰমনপ্ৰীতক জিৰণি দিয়া হৈছিল। বি চি চি আইৰ মহিলা নির্বাচন কমিটীয়ে ঘোষণা কৰা ১৫জনীয়া দলটোৰ সহঃ অধিনায়িকাৰ দায়িত্ব লাভ কৰিছে স্মৃতি মান্ধানাই। ভাৰতকে ধৰি ঘৰুৱা শ্রীলংকা আৰু দক্ষিণ আফ্রিকাই অংশ ল'বলগীয়া শৃংখলাটো ২৭ এপ্রিলত আৰম্ভ হ'ব। 

১১ মে'ত অন্ত পৰিবলগীয়া শৃংখলাত ভাৰতে ২৭ এপ্রিলত শ্রীলংকাৰ বিৰুদ্ধে প্রথম খেলত নামিব। ডাবল ৰাউণ্ড-ৰবীন লীগ ইভেন্টত দলকেইটাই ৪খনকৈ মেচ খেলিব। শীর্ষৰ দুটা দলে ফাইনেললৈ যোগ্যতা অর্জন কৰিব। ফাইনেল হ'ব ১১ মে'ত। শৃংখলাৰ কেউখন খেল হ'ব কলম্বোৰ আৰ প্রেমদাসা ষ্টেডিয়ামত। 

ভাৰতীয় দলটো: হৰমনপ্রীত কৌৰ (অধিনায়িকা), স্মৃতি মান্ধনা (সহঃ অধিনায়িকা), প্রতীকা ৰাৱাল, হার্লিন দেউল, জেমিমা ৰড্রিগুৱেজ, ৰিশা ঘোষ (উইকেটকীপাৰ), য়াস্তিকা ভাটিয়া (উইকেটকীপাৰ), দীপ্তি শর্মা, অমনজ্যোত কৌৰ, কাশভী গৌতম, স্নেহ ৰাণা, অৰুন্ধতী ৰেড্ডী, তেজাল হাছাবনিছ, শ্রী চৰণী আৰু যুশী উপাধ্যায়।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?