--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পেহেলগামত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে তাত হতাশ হৈ পৰা পাকিস্তানে এনে পদক্ষেপ গ্ৰহণ কৰিছে যাৰ বাবে নিজেই কোটি কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। 

ভাৰতীয় বিমানৰ বাবে ইয়াৰ আকাশমাৰ্গ বন্ধ কৰি দিয়াৰ ফলত ইয়াৰ মূল্য ব্যয় হৈছে। এই কথা নিশ্চিত কৰিছে ২০১৯ চনৰ পৰিসংখ্যাই, যেতিয়া ভাৰতে পুলৱামা আক্ৰমণৰ পিছত অপাৰেচন বালাকোট চলাইছিল। সেই সময়ত পাকিস্তানেও একে পদক্ষেপ লৈ ভাৰতীয় বিমানৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিছিল।

পাকিস্তানে এই আকাশমাৰ্গ প্ৰায় পাঁচ মাহ ধৰি বন্ধ কৰি ৰাখিছিল, যাৰ বাবে এফালে পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ কৰা ৪০০খন বিমান দৈনিক প্ৰভাৱিত হৈছিল আৰু আনফালে পাকিস্তানে ৭০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছিল। খবৰ অনুসৰি পাকিস্তানে দৈনিক ৫.৪ কোটি টকাৰ বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হয়।

পাকিস্তানৰ প্ৰচণ্ড ক্ষতি

ইয়াৰ লগতে উৰণৰ সময়ো বৃদ্ধি পালে কাৰণ বিমানসমূহে পাকিস্তানৰ আকাশমাৰ্গ বাইপাছ কৰিব লগা হৈছিল। ইয়াৰ ফলত ইন্ধনৰ খৰচ, পৰিচালনাৰ খৰচ আৰু ৰক্ষণাবেক্ষণৰ খৰচো বিপুলভাৱে বৃদ্ধি পালে আৰু লগতে বিমান কৰ্মীসকলৰ কৰ্তব্যৰ সময়ো বৃদ্ধি পালে।

পাকিস্তানৰ ক্ষতিৰ মূল কাৰণ হ’ল উত্তৰ ভাৰতৰ দিল্লী, অমৃতসৰ, লক্ষ্ণৌ, জয়পুৰৰ দৰে চহৰৰ পৰা ইউৰোপ, মধ্যপ্ৰাচ্য, আমেৰিকা, কানাডা আদি দেশলৈ বিমান সেৱা পাকিস্তানৰ ওপৰেৰে পাৰ হৈ যায়। পাকিস্তানক নিজৰ আকাশমাৰ্গৰ মাজেৰে পাৰ হোৱাৰ বাবে বিমানৰ চাৰ্জ দিয়া হয়।

কিন্তু যেতিয়া ভাৰতীয় বিমানে পাকিস্তানক বাইপাছ কৰিব তেতিয়া প্ৰত্যক্ষ লোকচান হ’ব যে বিমানৰ ভাড়া পাব নোৱাৰিব। লগতে দক্ষিণ-পূব এছিয়ালৈ উৰাজাহাজ চলাই থকা পাকিস্তানী বিমান সংস্থাসমূহে ভাৰতক এৰাই চলি দীঘলীয়া পথ ল’ব লাগিব৷ এনে কৰিলে চুবুৰীয়া দেশখনৰ খৰচো বৃদ্ধি পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?