--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন বৰ্ষৰ আৰম্ভণিতে ভাৰতীয় শ্বেয়াৰ বজাৰত সৃষ্টি হৈছে এক আচৰিত পৰিস্থিতি । বিদেশী বিনিয়োগকাৰীয়ে এক বিশাল পৰিমাণৰ ধন উলিয়াই নিয়াৰ ফলত শ্বেয়াৰ বজাৰখনে তীব্ৰ অনিশ্চয়তাৰ সন্মুখীন হৈছে। 

বিগত এটা সপ্তাহতে মাত্ৰ বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীসকলে ১৯,৭৫৯ কোটি টকাৰ শ্বেয়াৰ বিক্ৰী কৰিছে, আৰু জানুৱাৰী মাহটোত ইতিমধ্যে ৬৪,১৫৬ কোটি টকা উলিওৱা হৈছে। এই ধনৰ প্ৰবাহ বাহিৰলৈ যোৱাত শ্বেয়াৰ সমূহৰ মূল্য ক্ৰমে হ্ৰাস পাইছে, আৰু টকাৰ মূ্ল্য বৰ্তমান নিম্নস্তৰত।

বিশেষজ্ঞৰ মতে, এই বিনিয়োগ হ্ৰাসৰ মূল কাৰণ আমেৰিকাৰ অভ্যন্তৰীণ ৰাজনৈতিক পৰিৱর্তন আৰু বিশ্ব অৰ্থনীতিৰ কিছু বৃহৎ পৰিৱর্তন। ড’নাল্ড ট্ৰাম্পৰ উভতি অহাৰ সম্ভাৱনা, আমেৰিকাৰ ট্ৰেজাৰী বণ্ডৰ সুতৰ হাৰ বৃদ্ধি, আৰু ডলাৰৰ শক্তি বাঢ়ি যোৱাৰ ফলত বিনিয়োগকাৰীসকলে আমেৰিকালৈ আকৃষ্ট হৈ আছে। ফলত, উদীয়মান বজাৰ—বিশেষকৈ ভাৰতৰ পৰা ধন উলিওৱা অব্যাহত আছে।

শ্বেয়াৰ বজাৰৰ এই অস্থিতিশীল পৰিস্থিতিৰ প্ৰভাৱ বহুদূৰলৈ যাব পাৰে। শ্বেয়াৰৰ দাম তীব্ৰভাৱে কমি যোৱাত বহু বিনিয়োগকাৰী ক্ষতিগ্ৰস্ত হৈছে। লগতে, টকা দুৰ্বল হোৱাৰ ফলত দেশত মুদ্রাস্ফীতি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, যিয়ে সৰ্বসাধাৰণ জনতাৰ ওপৰত আৰু অধিক অৰ্থনৈতিক চাপ সৃষ্টি কৰিব। এই পৰিস্থিতি যদি অব্যাহত থাকে, তেন্তে ভাৰতীয় বিনিয়োগকাৰীসকলেও তেওঁলোকৰ ধনৰ বৃহৎ অংশ বিদেশী বজাৰত বিনিয়োগ কৰিবলৈ বাধ্য হ’ব পাৰে।

বিশেষজ্ঞসকলে কৈছে, যদি চৰকাৰে কিছু সঠিক পদক্ষেপ গ্ৰহণ কৰে—যেনে বিনিয়োগ নীতিৰ সুসংগঠিত পৰিৱর্তন, বিনিয়োগকাৰীৰ আস্থা বৃদ্ধিৰ বাবে পদক্ষেপ, আৰু মুদ্ৰানীতি সুস্থিৰ কৰা—তেতিয়াহে শ্বেয়াৰ বজাৰ আৰু টকাৰ মূল্য আগলৈ সুস্থিৰ হ’ব পাৰে। চৰকাৰে কি পদক্ষেপ ল’ব, সেইটো এতিয়া আগন্তুক দিনৰ মূল চৰ্চাৰ বিষয় হৈ পৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?